সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
পৰিচয়


 মিনায়ে হাঁহি হাঁহি ক'লে, – “তোমালোকৰ কথাত মোৰ হাঁহিহে উঠিছে। তোমালোক হালোৱা-চহা হ'ব পাৰা, কিন্তু তোমাৰ লৰা জানো চাকৰি এৰি হাল বাবলৈ আহিব? পুলিচৰ চাকৰি কৰা মানুহ, কেতিয়া ক'ত থাকে কোনে জানে! ঘৰলৈ কেতিয়াবা ছুটী লৈহে যদি এপাক মাৰিব পাৰে। য'তে বিয়া নকৰাওক, ছোৱালীজনী গিৰিয়েকৰ লগত নাৰাখি ইয়াতে ৰাখিব খুজিছা নে?তোমালোকে লৰাৰ কথা নাভাবি নিজৰ কথাটো হে ভাবিছা। লৰা যদি গাৱঁতে থাকিলহেতেন তেন্তে গাৱঁলীয়া ছোৱালী নিশ্চয় ভাল হ'লহেতেন। কিন্তু তোমালোকৰ লৰা ফুৰিব জিলাই জিলাই ঘূৰি। জিলাৰ একো নজনা ছোৱালী এজনী বিয়া কৰালে তেওঁ যেতিয়াই তেতিয়াই লাজত পৰিব লাগিব। তেনেকৈ লাজত পৰাৰ ভয়ত যদি লগত নাৰাখি ইয়াতে এৰি থব লগা হয়, তেন্তে বিয়া কৰোৱাৰ পৰা লাভ হ'ব কি?”

 মিনাইৰ কথা শুনি অলপ পৰ ভাবি দোলনে ক'লে,— “এৰা, হওঁতে কথাটো হয়। আমি নো কি ক'ম! লৰাক সুধি চাওক। সি ইংৰাজী পঢ়া লৰা; আমাতকৈ বেচি বুজে। সি যদি মত দিয়ে আমাৰ একো ক'বলৈ নাই।”

 “বাৰু তেন্তে মই মঙ্গলদৈলৈ গৈ লৰাক সুধি হা-না এটা লৈ আহি তোমলোকক জনাম।”—এনেকৈ কৈয়েই মিনাই উঠিল।