সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
পৰিচয়


ছোৱালী দিবলৈ আগ বঢ়া মানুহৰ লেখেই নাই। পিচে ম‍ই ভাবিছোঁ, আৰু দুবছৰমান কাম কৰি যি হয় অলপ ধন গোটাই লওক, ঘৰ-চুৱাৰ খিনিও ভাল কৰা হওক। তাৰ পাচত এঠাইত যি হয় কৰা যাব।

  মিনাই।—ইয়াৰ ভিতৰতে কিছু টকা জমা নোহোৱাকৈ থকা নাই। অলপ অচৰপ লাগিলে আনৰ পৰাও আনিব পাৰিব।

  দোলন।—জমা ক'ৰ পৰা হ'ব! চাকৰি কৰিছে মুঠেই উনৈশ নে কুৰি মাহ। ইয়াৰ ভিতৰতে আগৰ দুশ টকাৰ ধাৰ বাঢ়িয়ে সৈতে শুজিব লগা হৈছে। ঘৰ কেইটাও মানুহ থাকিব নোৱাৰা হৈছিল, তাক নেৰামত কৰোতেও এশমান খৰচ হ'ল। মুঠতে তাৰ হাতত টকা নাই।

  সিনাই।— টকা নাই যদি নাই। এনে মানুহো ওলাব যি অলঙ্কাৰ পাতি টকা পইচা সকলো দি বিয়া দিব। দোলন কিছু সময় অবাক হৈ মিনাইৰ মুখলৈ চাই থাকিল। তাৰ পাচত ক’লে,— “আপুনি কোনোবা বঙালী ছোৱালীৰ কথা কৈছে নে কি? মোহনৰ পৰা শুনিছিলোঁ বোলে বঙাল দেশত হে টকা দি দৰা কিনা নিয়ম আছে।”

 মিনাই।—মই বঙাল দেশৰ দৰা কিনাৰ কথা কোৱা নাই। ইয়াত কোনো দৰ-দামৰ কথা নাই। শহুৰেক-জোঁৱায়েকে দৰকাৰ দেখিলে ইজনে সিজনক সহায় কৰা এটা মৰম-চেনেহৰ কথা। সেইটো কিনা-বেচাৰ কথা নহয়।

  দোলন। — আপুনি নো বাৰু কাৰ কথা ক'ব খুজিছে?