এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
বিয়াৰ কথা-বতৰা
দুৰ্গা।—এৰা, আৰু বাট চাব নোৱাৰি। তাকে কৰা।
তুমি বাপেকৰ মতটো আনা।
মিনাই।—মই আজিয়েই তাৰ দিহা কৰিম।
মিনাই গ'ল। দুৰ্গা ৰকৱা খঙে-বিষে অধীৰ হৈ নানা প্ৰকাৰ চিন্তা কৰিবলৈ ধৰিলে।
চতুৰ্দ্দশ অধ্যায়
বিয়াৰ কথা-বতৰা
দুৰ্গা বৰুৱাৰ ঘৰৰ পৰা আহি সেই দিনাই মিনাই শহুৰেকৰ ঘৰলৈ গ'ল। শহুৰেকৰ ঘৰত জা-জলপান খাই গধুলি দোলনক লগ ধৰিলে। দোলনে বহিবলৈ কৈ তামোল-চালি আনি দিলে আৰু কি সকামত আহিছিল সুধিলে। মিনায়ে ক’লে,—“শহুৰহঁতৰ ঘৰলৈ বুলিয়েই আহিছিলোঁ। পিচে তোমাৰ লগতো অলপ কথা আছিল; সেই দেখি হে সোমালো।
দোলন।– কি কথা?
মিনাই।—কথা হৈছে বোপাই চাকৰি কৰিছে যেতিয়া, এতিয়া আৰু টকা-পইচাৰ অভাব নহয় : তাতে পুলিচৰ চাকৰি। এতিয়া মোহনৰ ঘৰখন পতাৰ দিহা নকৰা কিয়?
দোলন।—চাকৰি কৰা দুবছৰেই হোৱা নাই। মোৰ অৱস্থা জানাই। বিয়া বুলিলেই জানো বিয়া হয়। হওঁতে