এটা দুখীয়া মানুহৰ লৰাই ইংৰাজী পঢ়ি তেওঁলোকৰ লৰাতকৈ
ভাল হ'ব বুলি তেওঁলোকে বেয়া পাইছিল। মোহনৰ কিন্তু
পঢ়িবলৈ বৰ মন; তাতে বৃত্তিও পাইছে। ভিনীহিয়েকেও
পঢ়াব লাগে বুলি টানি ক'লে। শেহত দোলন সম্মত হ'ল।
ভিনীহিয়েকেই লৈ গৈ জিলাৰ ইংৰাজী স্কুলত মোহনৰ নাম
লগাই দিলে। মোহনেও মনোযোগেৰে পঢ়িবলৈ ধৰিলে।
শপঢ়াশালিত মোহনৰ বৰ কষ্ট গ'ল। স্কুললৈ আহোঁতে যাওঁতে দিনৌ চৈধ্য মাইল বাট খোজ কাঢ়িব লাগে। পুৱা আঠমান বজাতে কৰ্কৰা-পইত৷ যি পায় দুটামান খাই ওলায় আৰু গধুলি সাত-আঠ বজাত ঘৰ পায়গৈ। ঘৰত পঢ়িবলৈ নিচেই অলপ সময় হে পায়। তাতে আঠ দহ ঘণ্টা একো “নোখোৱাকৈ থাকি আকৌ সাত মাইল বাট খোজ কাঢ়ি যোৱাত বৰ ভাগৰ লাগে। ৰাতি প্ৰায়ে পঢ়িব নোৱাৰে। পুৱতী নিশা শোৱাৰ পৰা উঠি দুই তিনি ঘণ্টামান যি পঢ়ে সেয়েই মাথোন পঢ়া।
তথাপি তেওঁ কোনো শ্ৰেণীতে ৰ'ব লগা নহ'ল। মোহনৰ অৱস্থাৰ কথা জানি বৃত্তি ঢুকালতো হেডমাষ্টৰে ইন্সপেক্টৰলৈ লিখি মাছুল মাফ কৰাই দিয়ালে। এনেকৈয়ে চাৰি বছৰৰ আগতে তেওঁ দ্বিতীয় বিভাগত এন্ট্ৰেন্স পাচ কৰিলে। যদিও মোহনে শেহলৈকে ঘৰৰ পৰাই অহা-যোৱা কৰিছিল আৰু মাছুলো মাফ আছিল, তথাপি অন্যান্য খৰচৰ বাবে শেহ ছোৱাত বাপেকে দুশমান টকা ধাৰ কৰিব লগাত পৰিছিল। তেতিয়া