সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
মোহন

একোডোখৰ লয়।তেওঁৰ ছোৱালী এজনী আৰু লৰা এটা। ছোৱালীজনী ওচৰৰে এজন পঢ়াশালিৰ পণ্ডিতলৈ বিয়া দিছে।

 লৰাটোৰ নাম মোহন। বাপেকে কোনোমতে ক- ম দুটা- মান চিনক বুলি পঢ়াশালিত নাম লগাই দিয়ে। তাতে ভিনীহিয়েক পণ্ডিত হোৱাত মাছুলো দিব নালাগিছিল। বাপেকৰ উদ্দেশ্য আছিল যাতে আন নহলেও লৰাই পট্টাখন চাই খাজানা আৰু মাটিৰ পৰিমাণ ধৰিব পৰা হয়। কিয়নো কোনো কোনো বাৰ মহৰীয়ে সৰহকৈ টকা নি কম টকাৰ ৰচিদ দি ঠগে বুলি তেওঁৰ ধাৰণা আছিল।


 মোহন পঢ়া-শুনাত বৰ চোকা আছিল। সেই কাৰণে কোনো শ্ৰেণীতে নোৰোৱাকৈ আগ বাঢ়িবলৈ ধৰিলে। শ্ৰেণীত পঢ়োতে মাটি জোখা আৰু কালি উলিয়াই খাজানা কচা দেখি বাপেকে ৰং পাইছিল আৰু আন মানুহক কৈছিল, —“এতিয়া আৰু মণ্ডলে ঠগিব নোৱাৰে, মোৰ লৰায়ো মণ্ডলৰ কাম কৰিব পাৰিব। ”

 এনেকৈয়ে প্ৰাইমাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ মোহনে বৃত্তি লাভ কৰিলে। বাপেকৰ আৰু পঢ়াবৰ মন নাছিল। ওচৰ চুবুৰীয়াৰ দুই-এজনে যদিও পঢ়াবলৈ কৈছিল, তথাপি বেচি ভাগে মানা কৰিছিল। তেওঁলোকে কৈছিল,—“তুমি দুখীয়া মানুহ, জিলাৰ স্কুলত পঢ়াবলৈ ধন ক'ত পাবা। লৰা এতিয়া বুজন হৈছে, তোমাৰো বয়স হৈছে। তাক হাল-কোৰত লগাই দিয়াই ভাল।” আচল কথা হৈছে দোলনৰ নিচিনা