সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
পৰিচয়


 মিনাই।—কিয়? আন কৰবাত ঠিক কৰিব খুজিছে নে কি?

  গোপাল।—তোমাৰ সেইবোৰ দৰকাৰ নাই। তাত নহ'ব বুলি কৈছোঁ, সেয়ে খাটাং কথা।

 মিনাই।—হোৱা হ'লে ভাল আছিল।

 গোপাল। -কিয়? তোমাৰ কিছু উপাৰ্জনৰ আশা আছিল হবলা? সেই সুবিধা তোমাক দিব নোৱাৰিলোঁ। যোৱাঁ।

 মিনাইৰ মুখ ক'লা পৰিল। তেওঁৰ অভিসন্ধি ধৰা পৰিল বুলি বুজি কথা ক'বলৈকে সাহ নোহোৱা হ'ল, তল মুৰ কৰি লাহে লাহে ওলাই গ'ল।

ত্ৰয়োদশ অধ্যায়।

মোহন।

 দোলন বৰাৰ ঘৰ তেজপুৰৰ পৰা সাত মাইল আঁতৰত, এখন গাৱঁত। মানুহ জন বৰ দুখীয়া। ছবিঘামান ৰুপিত মাটি আছে; তাতে হাল-কোৰ বাই ধান খেতি কৰি কোনো মতে প্ৰবৰ্তি আছে। কেই জনীমান গাই, কেই জনী মান ছাগলী, আৰু পাৰও যোৰ চেৰেক পোহে। তাৰ পৰাও সামান্য উপাৰ্জন হয়। তাৰেই ৰাজহি-ততহি মাৰি কাপোৰ