সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
পৰিচয়


দীঘলীয়া ছুটীৰ প্ৰয়োজন নহয়। আপোনালোকৰ থকা-মেলাৰো সহজে ব্যৱস্থা কৰিব পাৰিম। যদি আপোনাৰ আপত্তি থাকে আৰু পূৰ্ব্বৰ কথামতে তেজপুৰত হে পাতিব খোজে তেন্তে তাকো জনাব। মুঠতে এইটোও আপোনাৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰে।

 আমাৰ ভাল। আপোনালোকৰো ভাল বুলিয়েই আশা কৰিলোঁ। উত্তৰলৈ বাট চাই থাকিলোঁ। ইতি

আপোনাৰ

ৰাধা।

 চিঠিখন পঢ়ি গোপালে বুজিলে মিনাইৰ কথা মিছা। কিন্তু তেনে মিছা কথা ক'বৰ তাৰ কি প্ৰয়োজন আছিল!

 সেই দিনা মহীধৰ আহিলত মৌজাদাৰে ৰাধাৰ চিঠিৰ কথা ক'লে। মহীধৰে ক'লে, – “মিনাইৰ কথা মিছা বুলি মই তেতিয়াই বুজিছিলোঁ। তেতিয়াই মই আপোনাক কৈছিলোঁ নহয় তাক দুৰ্গা বৰুৱাই পঠিয়াইছে বুলি। আচল কথা হৈছে বৰুৱাৰ জীয়েকৰ স্বভাৱ ভাল নহয়; য'তে বন্দবস্ত কৰে তাতে ভাগে। এইবাৰো নৰেন্দ্ৰ ফুকনৰ লগত ঠিক হৈছিল, বহাগতে বিয়াৰ কথা আছিল। কিন্তু ইয়াৰ ভিতৰতে তেওঁৰ কীৰ্ত্তি ধৰা পৰিল; বিয়া ভাগিল। সেই হে গোলকক ধৰিবলৈ নিজে জাল পেলোৱাৰ উপৰিও মিনাইৰ হতুৱাই জাল পেলোৱাইছিল।”

 মহী। — তুমি ইমানবোৰ খবৰ ক'ত পালা?