দামী কাপোৰ চুৰি হ'ল। দোকানীয়ে থানাত এজাহাৰ দিলে। পুলিচে অনুসন্ধান কৰি সকলো মাল ঠিকাদাৰৰ ঘৰত পালে আৰু তেওঁক হেণ্ড-কাফ দি ধৰি আনি চোৰ বুলি চালান দিলে। যদিও ঠিকাদাৰে সেই ৰাতি ঘৰৰ পৰ৷ ক'লৈকো ওলোৱা নাই বুলি প্ৰমাণ দিলে, তথাপি চোৰাই মাল ৰখাটো প্ৰমাণ হৈ গ'ল। হাকিমে তেওঁক ছমাহ ফাটেকত দিলে। তেওঁ আপীল কৰিছিল, কিন্তু মুক্তি নাপালে।
ঠিকাদাৰ ফাটেকত পৰাৰ পৰা পূৰ্ণিমাৰ উদ্ভণ্ডালি কমিল, কিন্তু দৰা নোলাল। একেবাৰেই যে নোলাল এনে নহয়, প্ৰত্যেক বছৰতে একো জনৰ লগত বন্দবস্তু হৈছিল, কিন্তু মূৰামূৰ্তি ৰহস্য ওলাই পৰে আৰু বিয়া ভাগি যায়। এনেকৈয়ে 'চাৰি বছৰত চাৰিখন বিয়া ভাগিল। ইয়াৰ পৰা যোৱাৰ পাচত কি হৈছে মই নাজানিছিলোঁ। তোমাৰ চিঠি পাইহে বুজিলোঁ, এইবাৰ তুমিয়েই বান্ধত পৰিছা। পতা বিয়াখন ভঙা যদিও অনুচিত তথাপি আচল কথাখিনি তোমাক নোকোৱাটো তাতোকৈ অনুচিত বুলি ক'ব লগাত পৰিলোঁ। এতিয়া তোমাৰ যি অভিৰুচি তাকে কৰিবা। আৰু এটা কথা। পূৰ্ণিমা বয়সত তোমাতকৈ ডাঙৰ নহলেও সৰু যে নহয়, তাত সন্দেহ নাই।
তোমাৰ শুভাকাঙ্ক্ষী
মহেন্দ্ৰ।
গোলকে পূৰ্ণিমাৰ সম্পৰ্কে তেওঁৰ ধাৰণাকে লৈ আছিল।