আহিছিল, পূৰ্ণিমাকো তেওঁৰ লগতে নগাওঁলৈ লৈ গ'ল।
কেইদিনমানৰ ভিতৰতে থৈ যাবাহি।”
তেতিয়াৰে পৰা মই গোপনে অনুসন্ধান কৰিবলৈ ধৰিলোঁ। কিন্তু তিন দিনলৈকে একো শুং-সূত্ৰ উলিয়াব নোৱাৰিলো। ইয়াৰ ভিতৰতে দুৰ্গা বৰুৱা আহিল, তেৱোঁ মোৰ কথাকে সমৰ্থন কৰি গোপনে অনুসন্ধান কৰিবলৈকে মোক ক'লে আৰু তেওঁ নিজেও বিচাৰ-খোচাৰ কৰিলে।
সাত দিনৰ মূৰত ঠিকাদাৰ আৰু পূৰ্ণিমাক তিনচুকীয়াৰ ঘৰ এটাত পালে॥ যদিও কথাটো গোপনে ৰখাই মোৰ উদ্দেশ্য তথাপি ঠিকাদাৰক হাত-কেৰেয়া লগাই থানালৈ আনিম বুলি ভয় খুৱালোঁ। ঠিকাদাৰে ক'লে, – “মোৰ গাত দোষ নাই। তেওঁ নিজে বিয়াৰ ভয়ত পলাই আহিছে। বয়সিয়াল ছোৱালী, কোনো মতামত নোলোৱাকৈ বিয়া পতা দেউতাকৰেই অন্যায়। তথাপি যদি মোক দোষী কৰে, মোৰ ক'বলৈ একো নাই। পূৰ্ণিমায়েই তাৰ উত্তৰ দিব।”
পূৰ্ণিমাক সুধিলত ক'লে,—“মই যি আহিলে৷ আহিলোঁৱেই,
আকৌ ঘৰলৈ নাযাওঁ।”
মই কলোঁ,—“নাযাওঁ বুলিলে নহয়; যাবই লাগিব। ভালে ভালে নগ'লে চিপাহী লগাই চোচোৰাই নিয়াম।”
বহুত ভাবি ধমক দিয়াৰ পাচত ক'লে, “মোৰ বিয়া হ'লে ঠিকাদাৰৰ লগতে হ'ব লাগিব; নহলে ঘৰতে থাকিম। আনলৈ বিয়া নোসোমাওঁ।”