জানিলোঁ যেতিয়া, মোৰ ক'বলগীয়া খিনি কোৱা উচিত বুলি ভাবিছোঁ।
দুৰ্গা বৰুৱা মই অহাৰ দুই-এবছৰ আগৰে পৰা ইয়াত আছিল। তেওঁৰ দুজনী ছোৱালী আৰু এটা লৰা।ডাঙৰ ছোৱালীজনীৰ বিয়া মই অহাৰ আগতে হৈ গৈছিল; সৰুজনীও তাৰ আগতে মানুহ হৈছিল। কিন্তু তেওঁৰ চৰিত্ৰৰ ওপৰত মানুহৰ সন্দেহ থকাত দৰা পোৱা টান হৈছিল। এইখিনিতে বৰুৱাৰ গৃহস্থালিৰ বিষয়েও একেষাৰ কোৱাৰ প্ৰয়োজন। বৰুৱা বৰ কৃপণ আছিল।দৰমহাৰ কথাই নকওঁ, উপৰুৱাকৈ পোৱা টকাও তেওঁ খৰচ নকৰিছিল। তেওঁৰ গৃহিণীয়ে প্ৰয়োজনীয় প্ৰায় সকলো বস্তুকে মহলদাৰবিলাকৰ পৰা আদায় কৰিছিল। এনেকৈয়ে মহলদাৰ বিলাকৰ তেওঁৰ ঘৰত অবাৰিত দ্বাৰ আছিল। এইবোৰ দেখি-শুনিয়েই বোধ কৰোঁ মানুহৰ মনত বেয়া ধাৰণা জন্মিছিল।তেওঁলোকৰ অনুমান সঁচা নে মিছা তাক ক'বৰ উপায় নাই।
সৰুজনী ছোৱালীৰ নাম পূৰ্ণিমা। মই অহা বছৰতে গোলাঘাটৰ এজন দাৰোগাৰ লগত পূৰ্ণিমাৰ বিয়াৰ বন্দবস্ত হয়। তেতিয়া মোৰ ইয়াত থকা ছমাহমান হৈছিল। দুৰ্গাবৰুৱাৰ ঘৰ ওচৰতে। মাজে সময়ে তেৱোঁ মোৰ ঘৰলৈ আহে, ময়ো যাওঁ। মই তেতিয়া থানাৰ চাৰ্জ্জত আছিলোঁ।
বিয়াৰ বন্দবস্ত হোৱাৰ কিছু দিন পাচত বৰুৱাৰ ৰান্ধনি ঘৰটো মেৰামত কৰিব লগা হয় আৰু ঠিকা লয় এজন অবিবাহিত