সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০
স্বস্তিৰ নিঃশ্বাস


পাচত যি হয় কৰা যাব। মই ভাবিছোঁ গৈয়েই নগৰত এটা ঘৰ সজাম। মাটি আগৰে আছে।   নৰেন্দ্ৰ। —পিচে বিয়াৰ জলপানটো কেতিয়া খুৱাবা?

  গোলক।— তোমাৰটো খোৱাৰ পাচত।

  নৰেন্দ্ৰ। তেতিয়া হ'লে কিমান দিন বাট চাব লাগিব তাৰ ঠিক নাই।

  গোলক। – কিয়? তুমি দেখোন সোনকালে বিয়া হ'ব বুলি কেতিয়াবাই লিখিছিলা, যদিও কন্যাঘৰৰ কথা মুঠেই উনুকিৱা নাছিলা। মই বিয়া কিজানি হৈয়েই গ'ল বুলিহে ভাবিছিলোঁ।

  নৰেন্দ্ৰ।—বিয়া হৈ গ'লে তুমি খবৰ নোপোৱাকৈ থাকিলা হেতেন নে?

  গোলক।— —পাহৰিবও পাৰা।

  নৰেন্দ্ৰ। —অইনক পাহৰিলেও তোমাক পাহৰিব নোৱাৰে।

  গোলক।— তেন্তে বিয়া এতিয়াও হোৱা নাই। কেতিয়া হ'ব?

  নৰেন্দ্ৰ |—সেই বিয়া আৰু নহয়। আকৌ নতুনকৈ সম্বন্ধ পাতিলেহে হ'ব।

  গোলক। - কিয়?

  নৰেন্দ্ৰ। - সি বহুত কথা।

  গোলক। - কি কথা? মই জানিব নোৱাৰোঁ নে?

  নৰেন্দ্ৰ। - নিশ্চয় পাৰা। ৰ'বা তেন্তে।