গোলক নৰেন্দ্ৰতকৈ এবছৰ পিছত কলিকতালৈ যায়।
তেতিয়াৰে পৰা দুয়ো একেটা মেচতে আছিল আৰু একে
কলেজতে পঢ়িছিল। দুয়োৰে বন্ধুত্ব বৰ গাঢ়।পৰীক্ষা দি
উলটি আহোঁতে গোলক গুৱাহাটীত নামিল। নৰেন্দ্ৰলৈ
আগতে খবৰ দিছিল। নৰেন্দ্ৰই ঘাটলৈ গৈ তেওঁক আগ
বঢ়াই আনিলে; বাটে বাটে পৰীক্ষাৰ খবৰ সুধিলে। মুঠতে
গোলকৰ পৰীক্ষাৰ ফল ভাল হ'ব বুলিয়েই তেওঁ বুজিব
পাৰিলে।
{{gap}{জাহাজ গুৱাহাটী পাইছিল দুপৰ বেলিকা। আহিয়েই দুয়ো গা-পা ধুই ভাত খালে আৰু এখন্তক বিশ্ৰাম ল'লে। তাৰ পাচত দুয়ো দুয়োৰে ঘৰুৱা বিষয় লৈ কথা পাতিবলৈ লাগিল।
নৰেন্দ্ৰ।—পাচ যে হ'বা সেইটো নকলেও জানো। পিচে চাকৰি কৰিবা নে ওকালতি কৰিবা?
গোলক। মোৰ চাকৰি কাৰবৰ মন নাই, দেউতাৰো তেনে আগ্ৰহ নাই। এতিয়া যদি মত সলায় ক'ব নোৱাৰোঁ।
নৰেন্দ্ৰ।—এৰা ভাই, পৰা পক্ষত চাকৰি নকৰাই ভাল। যাৰ ধন-মান একো নাই, তেনে মানুহে চাকৰিৰ লোভত নপৰাকৈ থাকিব নোৱাৰে। কিন্তু তোমাৰ ধন, মান, জ্ঞান আটাই কেইটা আছে। ওকালতিয়েই তোমাৰ পক্ষে ভাল। তেতিয়া কৰোঁ বুলিলে দহ জনৰ উপকাৰো কৰিব পাৰিবা।
গোলক।—পৰীক্ষাৰ খবৰটো আগেয়ে ওলাওক, তাৰ