সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
বিয়াৰ প্ৰস্তাৱ


কিন্তু মহীধৰে পূৰ্ণিমাক দেখা নাপালে। তেওঁৰ হেনো বৰ টান গ্ৰহণী। দিনে-ৰাতিয়ে ডাক্তৰ আৰু ধাই লাগিয়েই আছে। পূৰ্ণিমাক ভিতৰ খোটালী এটাত ৰখা হৈছে। তালৈ ডাক্তৰ আৰু ধাইৰ বাহিৰে আন মানুহৰ প্ৰবেশ নিষেধ। মহীধৰে যদিও ঘটনাটোত কিবা ৰহস্য থকা যেন পাইছিল আৰু আন মানুহেও কোৱাকুই কৰিছিল, তথাপি গোলকক সেই সম্পৰ্কে একো নজনাই ক'লে, “এতিয়া চাবৰ উপায় নাই, নৰিয়া ভাল হ'লে চোৱাৰ ব্যৱস্থা কৰিম।”

 ইয়াৰ কেইদিনমানৰ পিচতে গোলকে পৰীক্ষা দিবলৈ কলিকতালৈ যাত্ৰা কৰিলে।

⸻⸻

নবম অধ্যায়।

বিয়াৰ প্ৰস্তাৱ

 গোলক কলিকতালৈ যোৱাৰ পিচ দিনা দহমান বজাত মিনাই ঠিকাদাৰ গোপাল মৌজাদাৰৰ ঘৰলৈ গ'ল। মৌজাদাৰ তেতিয়া তেওঁৰ অফিচতে বহি আছিল। মিনাইক দেখি তেওঁ বহিবলৈ ক'লে আৰু যোৱাৰ কাৰণ সুধিলে৷ মিনায়ে ক'লে, – “আহিছিলোঁ সোঁ মণ্ডলৰ ঘৰত তক্তা বেচে বুলি শুনি। পিচে নাই, কেইখনমান আছিল হেনো, বিক্ৰী হৈ গ'ল।