সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
নৰিয়া


মৌজাদাৰ তেওঁৰ অজ্ঞাতসাৰে ইমান খিনিলৈ আগ বাঢ়িছে তেন্তে তেওঁ একো নিলিখাই ভাল; লিখাৰ পৰা লাভ নহয়। তাতকৈ পৰীক্ষাৰ পাচত আগৰ বন্দবস্তুমতে বিয়াৰ দিন ঠিক কৰিবলৈ লিখিব। তাকে কৰিলেই প্ৰকৃত সত্য ওলাই পৰিব। সেই মতেই তেওঁ সম্প্ৰতি একো নিলিখি মনে মনে থাকিল।

অষ্টম অধ্যায়।

নৰিয়া।

 হৰকান্তৰ ঘৰত বিফল মনোৰথ হৈ যাদও গোলক আক মহীধৰ উলটি আহিল, তথাপি সেই ছোৱালী জনীৰ বিষয়ে জানিবলৈ গোলকৰ আগ্ৰহ নকমিল। অনুসন্ধানৰ সহজ উপায় হ'লহেতেন সেই দিনা বিয়ালৈ অহা মহিলাসকলৰ তালিকা সংগ্ৰহ কৰি আঁতি-গুৰি বিচৰা। কিন্তু আচল উদ্দেশ্য প্ৰকাশ নকৰাকৈ হৰকান্তক তেনে তালিকাৰ বাবে অনুৰোধ কৰিবৰ উপায় নাছিল।

 মহীধৰে গোলকক ক'লে— “তই চিন্তা কৰিব নালাগে, মই তাৰ তত্ত্ব উলিয়াম। ছোৱালীজনী ক'ৰো বিলাতৰ পৰা অহা নাই। অনুসন্ধান কৰিলে নিশ্চয় এঠাইত নহয়, এঠাইত ওলাব। অৱশ্যে সেই চেষ্টা আনে গম নোপোৱাকৈ কৰিব লাগিব আৰু তাৰ বাবে সময়ো যথেষ্ট লাগিব।”