এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সপ্তম অধ্যায় ।
চক্ৰান্ত ।
এসপ্তাহৰ মূৰত মিনাই গুৱাহাটীলৈ গ'ল; জীয়েকৰ ঘৰতে থাকিল। দ্বিতীয় দিনা আবেলি লাহে লাহে ৰাধা বৰুৱাৰ ঘৰলৈ খোজ ল'লে।
সেই দিনা দেওবাৰ। ৰাধাকান্ত চ'ৰাতে বহি বাতৰি কাকত পঢ়ি আছিল। এনেতে মিনাই গৈ তেওঁক নমস্কাৰ জনালে।
হাকিমে মিনাইক তেজপুৰত থাকোঁতেই চিনি পাইছিল। তেওঁ মিনাইক বহিবলৈ কৈ সুধিলে,— “ক’ৰ পৰা ওলালা?”
মিনাই।—আহিছিলোঁ ছোৱালীজনীৰ ঘৰলৈ।মোৰ ছোৱালীজনী ডাক ঘৰৰ কেৰাণী এজনলৈ পৰিছে। মাজে মাজে ভু-ভা লবলৈ আহি থাকোঁ। হওঁতে আন কামো অলপ আছিল। পিচে তেজপুৰত থাকোঁতেই আপোনাৰ লগত চিনা- জনা। সেই দেখি বোলো একেষাৰ মাত লগাই যাওঁ।
ৰাধা। —ভাল কবিলা। পুৰণি চিনাকী মানুহ লগ পালে ভাল লাগে। পিচে কেইদিনমান থাকিবা।
মিনাই।—বেচি দিন থাকিব নোৱাৰোঁ। জানেই নহয় ঠিকাদাৰ মানুহ, সদায় কাম লাগিয়েই থাকে। তাতে আকৌ