কাতিক মাৰিলোঁ কেনেকৈ! এতিয়া মিছা মোকৰ্দমা বুলি
সি এৰি দিলেহে মিতিব পাৰোঁ।
দুৰ্গা।—তই ঘৰত নাই বুলি প্ৰমাণ দিছ, সিও মাৰিছে বুলি প্ৰমাণ দিছে। মই কাৰটো মানিম! সেই দেখি কৈছোঁ মিত-মাত কৰি পেলোৱা ভাল, নহ'লে তোক কুৰি টকা জৰিমনা কৰিম।
জাতি।–দেউতা, মৰাক মৰিয়াই নামাৰিব; মোৰ গাত কোনো দোষ নাই।
দুৰ্গা।—সেইবোৰ মই নাজানো। মিত-মাত কৰিব খোজ যদি আজিও ৰায় নিদিওঁ।
জাতি।—কৈছে৷ নহয় মিতিৰ উপায় নাই। দুখীয়ালৈ অলপ চাব দেউতা।
দুৰ্গা।– তেনেহলে জৰিমনাৰ টকা কুৰি লৈ আহিবি, আজিয়েই ৰায় দিম।
জাতি।—একুৰি টকা ক'ত পাম দেউতা!
দুৰ্গা।—নাপাৱ, যি কৰ কৰিবি। তোক শাস্তি দিবৰ মোৰ মন নাছিল, পিচে কি কৰিম! ই হৈছে আইনৰ কথা।
জাতি।—আইনো দেউতাৰ হাততেই হে।
দুৰ্গা।—সেইটো হওঁতে হয়, পিচে মানুহে লাভৰ মুখ নেদেখিলে জানো অন্যায় কৰে?
কাতি হাকিমৰ ওচৰলৈ অহাৰ কথা জাতিয়ে জানে, কিন্তু কাতিৰ সাক্ষী-বাদী ভাল হোৱা নাছিল। সেই কাৰণে সি