সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
ঠিকাদাৰ


 দুৰ্গা বৰুৱা অনৰেৰি মাজিষ্ট্ৰেট হোৱাৰ পৰা তেওঁৰ আৰু অলপ সুবিধা হ'ল। যিসকল গুচৰীয়া পদকীয়াই পোনে পোনে হাকিমৰ ওচৰ চাপিবলৈ সাহ নকৰে, তেওঁলোকে তেওঁ লোকৰ কাম মিনাইৰ যোগেদিয়েই সমাধা কৰে। ধনৰ ভাগ মিনায়েও কিছু পায়। এনে ভাবে যদিও মিনায়ে অৱস্থা বিশেষ ভাল কৰিব পৰা নাই, তথাপি বিশেষ অভাবত নপৰাকৈ চলি আছে।

  ঘৰত তেওঁ আৰু ঘৈণীয়েক। তেওঁলোকৰ সন্তান মাত্ৰ একেজনী ছোৱালী। তেওঁক কেইবা বছৰৰ আগতে এজন পোষ্ট অফিচৰ কেৰাণীলৈ বিয়া দিয়া হৈছে। জীয়েক-জোৱায়েক এতিয়া গুৱাহাটীত।

 গোলকৰ লগ পোৱাৰ পিচ দিনা দুৰ্গা বৰুৱাই মিনাইক মাতি পঠালে আৰু তেওঁ চৰাতে বহি কিবা গোচৰৰ ৰায় লিখি থাকিল। এনেতে এটা মানুহ আহি তেওঁক নমস্কাৰ জনালে। মূৰ দাঙি চাই বৰুৱাই ক'লে,–“অ' জাতিৰাম, আজি তহঁতৰ মোকৰ্দমাৰ ৰায় দিয়াৰ দিন আছে, নহয় নে?”

 জাতি।— হয় দেউতা। পিচে বন্দীক বা মাতিছিলে কিয়?

 দুৰ্গা।—মাতিছিলোঁ তোৰ ভালৰ নিমিত্তে। মোকৰ্দমাৰ ফল তোৰ ফালে ভাল নহব, মিতি পেলাগৈ।

 জাতি৷—মিতিম কেনেকৈ! মই মানুহটো ঘৰতেই নাই, দেউতাই সেইটো সাক্ষীৰ পৰা প্ৰমাণ পাইছেই। ম‍ই নথকাকৈ