মহী।—বাৰু পৰিচয় পালি, তেতিয়া কি কৰিবি? হয়তো
তেওঁৰ বিয়াৰ বন্দবস্ত হৈ আছে; হয় তো তোৰ লগত মিলনত
সামাজিক বাধা আছে। তেতিয়া?
গোলক।—মোৰ মনে কৈছে বাধা নাই। যদিও তেওঁক মই আজিয়েই প্ৰথম দেখিছোঁ তথাপি মোৰ মনত এনেহে লাগিছে যেন তেওঁ মোৰ বহু কালৰ চিনাকী। তেওঁ যেন মোৰেই।
মহী।—সেইটে৷ তোৰ অসংযত কামনাৰ অভিব্যক্তি মাথোন।
গোলক। নহয়! “সতাং হি সন্দেহপদেষু বস্তুষু প্ৰমাণ- মন্তঃকৰণ-প্ৰবৃত্তয়ঃ।” সন্দেহজনক বিষয়ত সজলোকৰ মনৰ ভাবটোৱেই সত্য।
মহী। --বেচ, বেচ! এইবাৰ দুৰ্ষ্যন্তই হ'লি! কিন্তু প্ৰথম দৰ্শনত ওপজা দুষ্যন্ত-শকুন্তলাৰ প্ৰেমৰ পৰিণতি কেনে হৈছিল তাকো মনত ৰাখিবি।
গোলক।—কেনে হৈছিল! পাতনিতে বেয়া হ'লেও পিচত ভাল হৈছিল।
মহী। - সি যিয়েই নহওক, সেই বিষয়ে তোৰ ভাবিবৰ প্ৰয়োজন নাই। এতিয়া ঘৰৰ লৰা ঘৰলৈ ব'ল। আজি বহাগৰ পাঁচ দিন, উনত্ৰিশ তাৰিখে তোৰ বিয়া। বিয়াখন হৈ গ'লেই লেঠা মৰিল। তেতিয়া আৰু লোকৰ চৈ দিয়া গাড়ীৰ ভিতৰত শকুন্তলাক বিচাৰিব নালাগিব; চকুৰ আগতে পাবি।
গোলক।—মই এতিয়া বিয়া নকৰাওঁ। পৰীক্ষাৰ আগতে