মহিলাগৰাকীয়ে বোধ কৰো এনে অযাচিত সাহায্য ভাল পোৱা নাছিল। তেওঁ এবাৰ গোলকলৈ চাই লাহেকৈ ক'লে, “এওঁলোক নিজেই উঠিব পাৰিলেহেতেন, গাড়ীখন তোলাহে টান হ'ব।”
গোলক গাভৰুৰ ৰূপত মুগ্ধ হৈ ৰ লাগি চাই আছিল। মহীধৰে টানি লৈ গ'ল। গাড়োৱানটোৱেও কিছু দুখ পাইছিল, কিন্তু সাংঘাতিক একো হোৱা নাছিল। এতিয়া তিনিওজনে ধৰি গাড়ীখন পাবলৈ তুলিলে। সকলোটি আলিলৈ উঠিল।
মহীধৰে সুধিলে,—“আপোনালোকে ক'ৰ পৰা আহি- ছিল?”
বান্দীয়ে ক'ব খোজোঁতেই মহিলাগৰাকীয়ে বাধা দি ক’লে,—“আমি মৌজাদাৰৰ ঘৰৰ বিয়ালৈ আহিছিলোঁ।”
মহিলাগৰাকীৰ উচপিচনি লাগিল। তেওঁ লাহেকৈ ক'লে,— "এওঁ কাপোৰ সলাব লাগে। আপোনালোকক ধন্যবাদ।”
গোলকে ক’লে,—“সলাবলৈ কাপোৰ লাগিলে আমি দিব পাৰোঁ।হাতত ভাল পাটৰ কাপোৰ আছে।”
মহিলাগৰাকীয়ে ক'লে,—“আমাৰ কাপোৰ আছে৷ এতিয়া নমস্কাৰ।” গোলকে আৰু কিবা সুধিব খুজিছিল কিন্তু মহীধৰে হাতত ধৰি টানি লৈ গ'ল।