মহীধৰ। — বিহুনামৰ অশ্লীলতাত আমি নাক কোঁচাব পাৰোঁ,
কিয়নো সি সৰল চহাৰ সৰল মনৰ সৰল কথা, তাত আঁৰ-বেৰ
নাই। কিন্তু সভ্যতাৰ গৌৰব কৰাসকলে কি কৰিছে! তেওঁ-
লোকে সেই একে অশ্লীল কথাকে অলপ সাজ-পাৰ পিন্ধাই সভ্য
কৰি উলিয়াইছে আৰু কোনো সঙ্কোচ নকৰাকৈ সমাজৰ মাজতে
গোৱাৰ দিহা কৰিছে। আন নালাগে কালিদাসৰ কবিতাৰ
কোনো অংশ নাইবা গীতগোবিন্দৰ কোনো গীত চহা মাত
কথাত অনুবাদ কৰিলে এই বিহু গীতকেই পোৱা যাব। তই
দেখিছ ৰাধাহৰণৰ নিচিনা পুথি কোনো সঙ্কোচ নোহোৱাকৈ যেয়ে
সেয়ে পঢ়িব পাৰে, অথচ তাৰ কথা আৰু বৰ্ণনা এই বিহুগীত-
তকৈও তলৰ খাপৰ। মুঠতে বিহুনামেই বোলা বা অশ্লীল
গীতেই বোলা সমাজৰ সকলো স্তৰতে আছে! প্ৰভেদ মাথোন
ইমানেই যে চহা মানুহৰ দৈহিক নগ্নতাৰ দৰেই ভাব আৰু কথা-
বতৰাও নাঙঠা, ওপৰখাপৰ মানুহৰ দেহৰ দৰেই কথা-বতৰাটো
সাজ-পাৰ। আকৌ যেনেকৈ বিহুতলীৰ পৰা মনে মনে মিলা
ছোৱালী কোনোবাই নিব পাৰে, ঠিক তেনেকৈয়ে থিয়েটাৰ ঘৰৰ
পৰাও নিনিয়াকৈ নাথাকে।
গোলক আৰু মহীধৰ কথা পাতি পাতি আগ বাঢ়ি গৈ আছে, বিয়াৰ ঘৰলৈ আৰু এমাইলমান হে বাকী। এনেতে তেওঁলোকে দেখিলে সম্মুখত এখন গাড়ী। গাড়ীখনৰ ওপৰত চৈ আৰু আগে পিচে আঁৰ কাপোৰ কোনোবা ভাল মানুহৰ তিৰুতা বিয়ালৈ আহিছে বুলি তেওঁলোকে অনুমান কৰিলে।