সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৰিচয়


বাট। নগৰৰ পৰা তেওঁলোকৰ ঘৰৰ ওচৰে দি যোৱা আলি- টোৱেই হৰকান্তৰ ঘৰৰ কাষে দি গৈছে।দুয়ো খোজ কাঢ়ি গৈছিল।���

 তেতিয়াও সাত বিহু পাৰ হোৱা নাই। আলিৰ দাঁতিৰ পথাৰবোৰত গৰু-ম'হ মুকলি মুৰেৰে চৰি ফুৰিছে, লগত কোনো ৰখীয়া নাই। কোনো কোনো ঠাইত লৰা-ডেকা লগ লাগি ঢোপ খেলিছে আৰু বুঢ়া মেঠাই বহি চাইছে। নিলগৰ বিহুতলীৰ পৰা ঢোল-পেঁপা-টকাৰ মাত বনগীতৰ সুৰেৰে সৈতে আহি তেওঁলোকৰ কাণত পৰিছে। যাওঁতে যাওঁতে গোলকে ক'লে –“বহাগ-বিহুতকৈ আনন্দৰ পৰ্ব্ব আৰু একো হ'ব নোৱাৰে। আন উৎসৱত কিছুমান মানুহেহে যোগ দিয়ে, কিন্তু ইয়াত যোগ নিদিয়া কোনো নাই।”

 মহীধৰ।—সময়টোৱেই হৈছে আমোদৰ, খেল-ধেমালিৰ। চোৱাচোন প্ৰকৃতি নিজে কেনে উৎসৱত মতলীয়া। গছে গছে ৰঙচুৱা কুঁহিপাত, ৰমক জাক ফুল,চৰাইৰ ঐক্যতান, জাৰ জহৰ সমতা। ইফালে গোটেই বছৰৰ পৰিশ্ৰমৰ পাচত মানুহৰো অলপ আজৰিবৰ সময়। এনে দিনত যাৰ মনত আনন্দ নোপজে তাৰ জীৱনী শক্তিয়েই নাই।

 গোলক।—সেইটো হ'লেও অতিপাত হোৱা ভাল নহয়। এইযে অশ্লীল বিহুনামবোৰ গায়, ই নিশ্চয় কুৎসিত প্ৰথা। আকৌ বিহুতলীৰ পৰা ছোৱালী চুৰ কৰাৰ কথাও শুনা যায়।