নাপালেও মানুহজন জ্ঞানী, সৰ্ব্বসাধাৰণৰ লগত তেওঁৰ
ব্যৱহাৰ অমায়িক। তেওঁৰ সন্তান তিনটা, প্ৰথম সন্তানেই
গোলক। দ্বিতীয় সন্তান আছিল কন্যা; তেওঁৰ বিয়া হৈ
গৈছে। তৃতীয় সন্তান ললিত এতিয়া স্কুলৰ ছাত্ৰ।
মহীধৰ পিতাকৰ একমাত্ৰ পুত্ৰ। পিতাকে খেতি-বাতি কৰি কোনোমতে পেটে-ভাতে খাইছিল আৰু লৰাটোকো পঢ়াইছিল। মহীধৰে প্ৰবেশিকা পাচ কৰা বছৰেই তেওঁৰ লোকান্তৰ ঘটে। তেওঁৰ ছোৱালী দুজনী, দুয়ো মহীধৰতকৈ সৰু। জীবিত কালতে তেওঁ ডাঙৰ জনীৰ বিয়া দি যায়।
প্ৰবেশিকাত উত্তীৰ্ণ হৈ মহীধৰে দেখিলে তেওঁৰ আৰু পঢ়িবৰ উপায় নাই। পিতাক ঢুকোৱাত ঘৰৰ বোজাও তেওঁৰ মূৰতে পৰিল; সৰু ভনীয়েকজনীকো বিয়া নিদিলে নহয়। ইফালে পিতাকে কোনো পুঁজি থৈ যাব পৰা নাছিল।সাত পাঁচ ভাবি কাছাৰীত চাৰে সোতৰ টকাৰ দৰমহাত এপ্ৰেন্টিচ সোমাল। এতিয়া ডেৰ কুৰি টকাত এটা চাবেক কাম পাইছে।কাছাৰীৰ আমোলা হলেও তেওঁ ঘৰত নানা বিষয়ৰ পুথি পঢ়ে আৰু তেনেকৈয়ে প্ৰায় সকলো বিষয়ৰে অলপ নহয় অলপ খবৰ ৰাখে। চাকৰিত সোমোৱাৰে পৰা কেইবা ঠাইৰ পৰাও তেওঁৰ বিবাহৰ প্ৰস্তাব আহিছিল, কিন্তু তেওঁ নিজৰ অৱস্থা টনকিয়াল কৰি ল'ব নোৱৰালৈকে আৰু ভনীয়েকক বিয়া নিদিয়ালৈকে তেনে প্ৰস্তাবব বিষয়ে ভাবিব নোৱাৰে বুলি জনালে। কিছু