এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৰিচয়
প্ৰথম অধ্যায়
অপৰিচিতা
গোলক আৰু মহীধৰ দুয়ো প্ৰায় সমান বয়সীয়া। দুয়োৰে
ঘৰ একে গাৱঁতে, তেজপুৰ নগৰৰ পৰা প্ৰায় তিনি মাইল
দূৰৈত। সৰুৰে পৰা দুয়ো একে লগে উমলিছিল, একেলগে
পঢ়িছিল আৰু একে লগে ফুৰিছিল। এনেকৈয়ে দুয়োৰে
মাজত এনে বন্ধুতা জন্মিল যে এজনে আন জনক এৰি থাকিবলৈ
টান পোৱা হ'ল। তেওঁলোকৰ মাজত পাৰ্থক্য ইমানেই
যে মহীধৰে শাৰীৰিক পৰিশ্ৰমলৈ ভয় নকৰিছিল, কিন্তু
গোলক কিছু পৰিমাণে আলসুৱা আছিল।
স্কুলত দুয়ো ভাল লৰা বুলি সুখ্যাতি লাভ কৰিছিল। অকল পঢ়াশুনাতেই নহয়, বাহিৰা কামতো দুয়ো আগৰণুৱা আছিল; শিক্ষকসকলেও মৰম কৰিছিল। এনেকৈয়ে দুয়ো একেলগে পঢ়ি ১৯০২ চনত প্ৰথম বিভাগত প্ৰবেশিকা পৰীক্ষা পাচ কৰে।
গোলকৰ দেউতাক গোপাল হাজৰিকা ধনী মানুহ, মৌজাদাৰ; খাত-পামো বহুত। বিদ্যালয়ত উচ্চ শিক্ষা