সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
হত্যা নে আত্মহত্যা ?


 মোহন। ৰাতি প্ৰায় ডেৰ বজাত।

  ইন্স। পিচে ৰাতি থাকিল ক'ত?

  মোহন। ঘাটৰ ওচৰৰে দোকানখনত।

  ইন্স। আপোনাৰ বন্দুকটো ক'ত আছিল? মোহন। মেজৰ ড্ৰৱাৰত।

  ইন্স। ছাবি কাৰ হাতত আছিল? মোহন। ড্ৰৱাৰত তলাই নাই।

  ইন্স্। মই বাহিৰে ভিতৰে চাবলগীয়া সকলো চাইছোঁ। এতিয়া আপোনাৰে সৈতে আকৌ এবাৰ ভিতৰখন চাওঁ।

  তেতিয়া দুয়ো লগ লাগি ভিতৰখন চালে, কিন্তু একো লৰচৰ নাপালে। শেহত ছাবি বিচৰাই ইন্সপেক্টৰে পূৰ্ণিমাৰ বাকচটো মেলালে। তাত কিছুমান কাপোৰ-কানি আৰু দুপদমান অলঙ্কাৰ আছিল; বাচৰ এটা চুকত এট৷ কাগজৰ বাকচ আছিল; তাৰ ভিতৰত কিছুমান চিঠি। ইন্সপেক্টৰে চিঠিৰ বাকচটো ল'লে।

 তাৰ পাচত দুয়ো ওলাই আহিল। পূৰ্ণিমাৰ শটো পোষ্ট- মৰ্টেম পৰীক্ষাৰ নিমিত্তে ডাক্তাৰখানালৈ পঠিওৱা হ'ল। এইখিনি কাম সমাধা কৰি ইন্সপেক্টৰে মোহনক মাতি নি নিভৃতে ক’লে,—“ঘটনাটো যে আত্মহত্যা নহয় সি একেবাৰেই ঠিক। দুৱাৰখন মেলি লৈ দুৱাৰ মুখত এনেকৈ মানুহে আত্মহত্যা নকৰে। তাতে গুলি লাগিছে কাণ-সঁতাৰ কাষেদি পিচ ফালে। নিজে এনেভাবে গুলি কৰা সম্ভব নহয়। নিশ্চয়