সমললৈ যাওক

পৃষ্ঠা:পৰিচয়.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
পৰিচয়


উপহাৰো দিছিল। তাতে তেওঁৰ ঘৰ গোপাল মৌজাদাৰৰ মৌজাতে। পঢ়া কালত মোহনে কেতিয়াবা কেতিয়াবা মৌজাদাৰৰ পৰা অলপ-অচৰপ সাহাৰ্য্যও পাইছিল। সকলো কথা ভাবি চাই তেওঁ বিয়াত যোগ দিবলৈকে স্থিৰ কৰিলে। তেওঁ হিচাপ কৰি দেখিলে তেওঁ যদি বিয়াৰ দিনা দুপৰীয়া যায় তেন্তে সেই দিনাৰ নিমিত্তে ছুটী নল'লেও হব, কিন্তু ঘূৰিব পাৰিব পিচ দিনা আবেলি, গতিকে এদিনৰ ছুটী ল'ব লাগিব। সেই মতেই ব্যৱস্থা কৰি তেওঁ বিয়াৰ দিনা প্ৰায় এক বজাত খাৰুপেতীয়া ঘাটত জাহাজত উঠিল আৰু পাঁচ বজাৰ সময়ত গুৱাহাটী পালেগৈ। তেওঁ যাওঁতে বাটত উজান-জাহাজ লগ নাপালে। গুৱাহাটী পাই শুনিলে সেই দিনা উজান জাহাজ তেতিয়ালৈকে তাহা নাই; অন্ততঃ আৰু দুঘণ্টাৰ ভিতৰত আহি পোৱাৰ আশা নাই। কথাটো শুনি তেওঁ ভাবিলে যদি পিচ দিনাও তেনেকৈয়ে জাহাজ অহাত পলম হয় নাইবা নাহেই তেন্তে তেওঁ বৰ অসুবিধাত পৰিব। ইয়াকে ভাবি সম্ভব হ'লে সেই ৰাতিয়েই ঘূৰিবৰ মন কৰিলে।

 মোহন পোনে পোনে বিয়া ঘৰলৈ গ'ল। মোহনক দেখি গোলক, মহীধৰ, মৌজাদাৰ সকলোৱে আনন্দ পালে আৰু যথাৰীতি অভ্যৰ্থনা কৰি জা-জলপান খুৱালে। মৌজাদাৰে মোহনক ক'লে, – “তুমি যে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰিলা তাত পৰম সন্তোষ পালোঁ। আমি একে ঠাইৰে মানুহ, এনে উৎসৱতো দেখা নোপোৱা হ'লে বেয়া লাগিলহেতেন।”