কোনো উপায় বিচাৰি নাপালে। তথাপি পদ্মাক সান্ত্বনা দি
ক'লে, – “সখি, তুমি এনেকৈ ধৈৰ্য্য নেহেৰুৱাবা। জনম, মৰণ,
বিবাহ এইবোৰত মানুহৰ হাত নাই, ই ঈশ্বৰৰ ইচ্ছাত নিৰ্ভৰ কৰে।
তেওঁৰ চৰণত আত্মনিবেদন কৰি তোমাৰ কৰ্ত্তব্য কৰি যোৱা।
হতাশাক প্ৰশ্ৰয় নিদিবা।”
পদ্মা। —আন উপায় নাই দেখিয়েই তো মই তোমাকো মোৰ মনৰ কথা জনোৱা নাছিলোঁ।
দৰা-কন্যা এজনৰো আগ্ৰহ নাথাকিলেও নিৰ্দ্দিষ্ট দিনত গোলক আৰু পদ্মাৰ বিবাহ সম্পন্ন হ'ল। অপৰিচিত দুটি প্ৰাণীক মন্ত্ৰৰ বন্ধনেৰে বান্ধি লগুণ-গাঁঠিৰে লগ লগোৱা হ'ল।
বিংশ অধ্যায়।
নিমন্ত্ৰণ ৰক্ষা।
আগতে কোৱা হৈছে গোপাল মৌজাদাৰে তেজপুৰৰ বাহিৰত থকা তেজপুৰীয়া মানুহকো বিয়ালৈ নিমন্ত্ৰণ কৰিছিল। মোহনো নিমন্ত্ৰিত হৈছিল। স্কুলত পঢ়োতে "মোহন গোলক- মহীধৰতকৈ দুটা শ্ৰেণীৰ তলত পঢ়িছিল, কিন্তু তেওঁলোকৰ ভিতৰত ভাল চিনা-পৰিচয় আছিল। মোহনৰ বিয়াত গোলক আৰু মহীধৰ দুয়ো নিমন্ত্ৰণ ৰক্ষা কৰিছিল আৰু মূল্যবান