সমললৈ যাওক

পৃষ্ঠা:পৰাচিত.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় দৃশ্য ] পৰাচিত কোপ দিয়া সমস্ত নিবাৰ পাৰি। হেই যাই হোক নিতাম না। নিমক খাইলে গুণ গাওয়ান লাগে। চালাম। (সকলো ওলাই যায়। ) শিৱ। উস্‌! ভাল গাখীৰ খুৱাই সাপ পুহিছিলোঁ॥ বেজেষ্ট্ৰী কৰা দলীল, এনেয়ে নিয়৷ হ'লে উপায় ওলালহেতেন। এতিয়া ওয়াচিল লিখি দিয়াৰ পাচত আৰু কি উপায় আছে! এতিয়াই ধনী আছিলোঁ, এতিয়াই ভিকহু হ'লোঁ। ইহঁতৰ হতুৱাই কাম কৰাওঁতে ক'ৰবাত ধৰা পৰে বুলি লোকনাথৰ শান্তি-বাহিনী ভাঙি দিলোঁ, লোকনাথক ঘৰ পুৰি গাৱঁৰ পৰা খেদিলোঁ। আজি তাৰ প্ৰতিফল হাতে হাতে পালে॥ নিজৰ গঞাৰ লগত শত্ৰুতা কৰি বিদেশীৰ লগত মিত্ৰতা কৰাৰ এয়ে পৰিণাম। ধনৰ গৰ্ব্বত ঈশ্বৰক উৰুৱাই দিছিলোঁ, পাপ-পুণ্য মূৰ্খৰ প্ৰলাপ বুলি ভাবিছিলোঁ। আছে; পাপৰ পৰাচিত আছে। আজি বুজিছোঁ, ঈশ্বৰ যৱনিকা।