পৃষ্ঠা:পৰাচিত.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য]
৬৫
পৰাচিত

     

 

 দ্বি, মৈ। আপনাৰ যে টেহা কয়ডা নিছিলাম তা দিয়া আইছি।

 শিৱ। আটাইকেইজনে দিবা নে?

 তৃ, মৈ। বেহেইতা দিয়া যাইবাম। আপনি বয় পাইলেন নে কি?

 শিৱ। একে দিনাই আটাইকেইজনে ইমান টকা ক’ত পালা?

 প্ৰ, মৈ। যেহানেই পায় দৰকাৰ কি?

 শিৱ। সেইটো হয়। পিচে ইমান ৰাতি খত-পত্ৰ বিচৰা বৰ টান হ’ব। এতিয়া তোমালোক যোৱাঁ; ৰাতিপুৱা আহিবা।

 প্ৰ, মৈ। চহাল পৰ্য্যন্ত যদি থাকতাম, তে আৰ অহন আইতাম না। ৰাইত যদি থাকি তা ঐলে কুনু অসুবিদা ঐতে পাৰে। এইৰ লাইগা অহন আইছি।

 শিৱ। তোমালোকৰ ঘৰত থাকিলে চুৰ কৰিব বুলি ভয় কৰিছা! তেন্তে মোৰ হাততে দি যোৱাঁ; কালিলৈ ৰচিত দিম।

 দ্বি, মৈ। আমাৰে অহন দলীলগুলি লাগে।

 শিৱ। মোৰ ওপৰত তোমালোকৰ ইমানখিনিও বিশ্বাস নাই নে?

 প্ৰ, মৈ। এতে বিশ্বাহেৰ কি কতা আছে! টেহা লেও, দলীল দেও।