পৃষ্ঠা:পৰাচিত.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
[চতুৰ্থ অঙ্ক
পৰাচিত


 ভেকোলা। নাই। ক’তা। আমাৰ ঘৰত দেখোন কোনেও গম পোৱা নাই।

 বিহুৱা। বহুতেই গম নাপালে। মানুহৰ ভাত-ঘুমটিয়ে ধৰাৰ পাচত জুই দিছে।

 ভেকোলা। বস্তু-বাহানি উলিয়াব পাৰিলে নে?

 বিহুৱা। তই বস্তু উলিওৱাৰ কথাহে কৈছ! মানুহ কেইটাৰ কি বিলৈ হৈছিল তাৰ জানো ভু পাইছ!

 ভেকোলা। কি হৈছিল? লোকনাথৰ একো হোৱা নাই তো?

 বিহুৱা। কোনোমতে প্ৰাণটো ৰক্ষা পৰিছে। যেতিয়া জুই দিয়ে তেতিয়া সকলো ভৰ টোপনিত। জুইৰ তাপ গাত লাগিলতহে সাৰ পালে। সাৰ পাই দেখে দুৱাৰ মুখৰ ফালে জুয়ে জুৰি ধৰিছে। সেই ফালে ওলাবৰ উপায় নাই। লোকনাথে বহুত যতন কৰি ঘৰৰ পোলা এটা ফালিলে আৰু সেই ফালেই বুঢ়া-বুঢ়ীক লৈ কোনোমতে বাহিৰ ওলাল।

 ভেকোলা। আটাইকেইটা ঘৰ পুৰিলে নে?

 বিহুৱা। বৰ ঘৰ, মাৰল, ভঁৰাল, গোহালি একোৰে চিন-মোকাম নাই।

 ভেকোলা। গৰু-গাই কেইটা?

 বিহুৱা। পিয়ন ছাৰিলত গাই দুজনী আগতে নেপালী খুটিত থৈছিল। বলদহালো পঘা ছিঙি সাৰিল।

 ভেকোলা। আন বস্তু একেবাৰে নাই?