পৃষ্ঠা:পৰাচিত.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য]
৫৩
পৰাচিত


 শিৱ। গালোঁ, বালোঁ খোলাকটিৰ ভাল। এইবাৰো ইয়াক নোৱাৰিলোঁ। (পেটুৱাৰ প্ৰবেশ।)

 পেটুৱা। অ’ আপুনি আহিল! মোকৰ্দ্দমাৰ কি ৰায় দিলে?

 শিৱ। মিছা হ’ল। ইমান টকা এনেয়ে পানী হ’ল। এনে সুন্দৰকৈ গোচৰটো সজোৱা হৈছিল, সাক্ষী-বাদীও এনে সুন্দৰকৈ শিকাই লোৱা হৈছিল যে জিকিম বুলি একেবাৰেই নিশ্চিন্ত হৈ আছিলোঁ। হাকিম, পেস্কাৰ সকলো আমাৰ ওপৰত সন্তুষ্ট আছিল।

 পেটুৱা। তেনেহ'লে নো বেয়া হ'ল কিয়?

 শিৱ। মোকৰ্দ্দমাটো সজোৱাত অলপ খুঁত থাকিল। সেইটো তেতিয়া কাৰো মনত নেখেলালে।

 পেটুৱা। কি খুঁত?

 শিৱ। সি যে যোৱা বছৰৰ আষাৰ মাহৰে পৰা গুৱাহাটীতে আছিল, ঘৰলৈ অলপতে হে আহিছে, সেইটো প্ৰমাণ কৰিব পাৰিব বুলি আমি ভবাই নাছিলোঁ।

 পেটুৱা। কিয় আমাৰ সাক্ষীয়ে জানো সি পূজাত আহি- ছিল বুলি কোৱা নাই?

 শিৱ। কৈছিল। পিচে ক'লে কি হ'ব! সি গুৱাহাটীৰ বৰ হাকিমৰ লৰাৰ ঘৰুৱা শিক্ষক হৈ আছিল আৰু হাকিমে এৰি নিদিয়াত পূজাৰ বন্ধতো তাতে থাকিব লগা হৈছিল। সি যে পূজাত অহা নাছিল, বৰ হাকিমেই হ’ল তাৰ সাক্ষী।