পৃষ্ঠা:পৰাচিত.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য]
৫১
পৰাচিত


 পুণাই। ৰায় নো কেনে হ'ব বুলি ভাবা?

 মদন। কেনে হ'ব আৰু! যেনে হ’ব লাগে তেনে। ( হাঁহে।) বহাঁ। (পুণাই বহে।)

 মদন।( ভিতৰলৈ মুখ কৰি ) বচিৰ!

 বচিৰ। (প্ৰবেশ কৰি চালাম দি) হজুৰ।

 মদন। দুকাপ চাই আন। লগতে বিস্কুটো। (চালাম দি বচিৰ ওলাই যায়।)

 পুণাই। ইয়াক যে ক'লা, হিন্দু চাকৰ নাই জানো?

 মদন। নাই। দেউতাই আজি কালি মৈমনচিঙীয়াৰ বাহিৰে আনক বিশ্বাস নকৰে।

 পুণাই। গাৱঁৰ মানুহে জানো ই ছোৱা তামোল-ছালি, চাহ-জলপান খায়?

 মদন। গাৱঁৰ মানুহক তামোল-ছালি, চাহ-জলপান দিয়া অভ্যাস আমাৰ ঘৰত নাই। তোৰ দৰে যাৰ আপত্তি নাই বুলি জানো, তেনে মানুহকহে কেতিয়াবা দিয়া যায়।

 ( বচিৰে এখন ট্ৰে'ত চাহ আৰু বিস্কুট আনি দিয়ে। খাবলৈ ধৰে। এনেতে লাখুটিত ভৰ দি এটা বুঢ়া মগনীয়া সোমায়।)

 মগনীয়া। ভিখ্ মিলে বাবু!

 মদন। নিমিলে। গুচ।

 মগনীয়া। বুডঢা মানুষ, কাণে নাই শুনো। হাটিব