পৃষ্ঠা:পৰাচিত.pdf/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫০
[তৃতীয় অঙ্ক
পৰাচিত


লৈকে ওলাব নোৱৰা হৈছোঁ। শিৱৰ মানুহে পহৰা দি থাকে।

 মোবা। এইখন গাৱৰ আৰু উদ্গতি নহয়। ইয়াত মানুহ নাই; সকলো জানোৱাৰ। তাৰ মাজত মানুহ থকা সম্ভব নহয়। বাৰু থাকিবা। মোৰ বৰ বেজাৰ লাগিছে। বুজিছোঁ শিৱক তোমালোকে বলে নোৱাৰা, লোকনাথেও নোৱাৰে। গোচৰৰ কি ৰায় দিয়ে দিওক। তাৰ পাচত মই এবাৰ চাম। এনেকুৱা অধম জীৱৰ শাস্তি কি মই তাক নিৰ্ণয় কৰিম; হুলেৰে হুল কাঢ়িম!

 (এফালে মোবাৰক আৰু আনফালে বাকী দুজন ওলাই যায়।)

দ্বিতীয় দৃশ্য।
শিৱ বৰুৱাৰ চ'ৰা।

 মদনে চকী এখনত বহি মেজত ভৰি তুলি চিগাৰেট হুঁপি থাকে। এনেতে পুণাই সোমায়।

 পুণাই। গোটেই নবাবী আয়মত দেখোন!

 মদন। দেউতা নাই, কাছাৰীলৈ গৈছে।

 পুণাই। কিয়?

 মদন। লোকনাথৰ ওপৰত মেধিৰ জীয়েকে কৰা মোকৰ্দ্দমাৰ আজি ৰায় দিব।