পৃষ্ঠা:পৰাচিত.pdf/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
প্ৰথম দৃশ্য]
৪৯
পৰাচিত


 মোবা। তুমি বোলে বৰ ভকত! পিচে এইখন কি কৰিছা? এনে এটা লৰাৰ বদনাম উলিয়াই কোনখন স্বৰ্গলৈ যাব খুজিছা?

 নেনাই। মই কি কৰিম! শিৱই বাৰে বাৰে কোৱাতো মই তাৰ কথাত মত নিদিলোঁ। তেতিয়া সি ক'লে বোলে “মই তোমাক জুখিহে চাইছিলোঁ, আচলতে সেইবোৰ একো কৰিব নালাগে। কোনো গোলমাল নকৰাকৈ মোৰ জন মোক চমজাই দিয়াঁ, লেঠা মৰক।” ময়ো হোল-গোজ ভকত! দিলোঁ ছোৱালীজনী তাৰ লগত পঠিয়াই। তাইক হাত কৰি লৈ সি এতিয়া এইখন কৰিছে।

 মোবা। তুমি গোচৰৰ দিনা সঁচা কথা কৈ নিদিলা কিয়?

 নেনাই। কম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ। মই সেই দিনা গৰু মেলামান বেলিতে কাছাৰীলৈ বুলি ওলাইছিলোঁ। এনেতে মটৰ এখন লৈ মানুহ এটা আহি ক'লে বোলে উকীলে মোক মাতিছে, তেওঁ কথাটো সঁচা নে মিছা আগতে জানিব খোজে। মই ভালকে পালোঁ আৰু তেওঁৰ কথামতেই মটৰত উঠিলোঁ। পিচে মটৰখন জিলালৈ নিনি নিলে ঢেকিয়াজুলিৰ ফাললৈ। বহুত বাট যোৱাৰ পাচত ইয়াতে উকীল আছে বুলি এঠাইত মোক নমাই দিয়েই মটৰখন ওলোটাই চলাই দিলে। মই তেতিয়াহে সিহঁতৰ ফাকিটো বুজিলোঁ। কিন্তু কি কৰিম! খোজ কাঢ়ি ঘূৰি আহি ভালেখিনি ৰাতিহে ঘৰ পালোঁ। তাৰ পাচতো আজিলৈকে মই গাৱঁৰ বাহিৰ-