পৃষ্ঠা:পৰাচিত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য
৩৫
পৰাচিত


 শিৱ। তোমাৰ লগত আকৌ কি লাগিল?

 মনো।মই ডাক্তৰি পাচ কৰা নাই যদিও ডাক্তৰি বিষয়ে সকলো কথা জানো। বৰং বহুতো পাচ কৰা ডাক্তৰতকৈ মোৰ চিকিৎসা ভাল বুলি বহুতে কোৱা-মেলা কৰে। এই ব্যবসায়েৰেই যেনে-তেনে খোৰাকিটো উলিয়াই আছিলোঁ।

 শিৱ। পিচে?

 মনো। পিচে সি মানুহক মই একো নাজানো বুলি তো কৈছেই, আকৌ হেনো চিভিল চাৰ্জ্জনলৈকো লিখিছে। সেয়ে যদি হয়, মই বৰ বিপদত পৰিম।

 শিৱ। বিপদত পৰিবা কিয়? তুমি জানো কাৰবাক বলেৰে ঔষধ খুৱাবলৈ গৈছা?

 মনো। নাই যোৱা। তথাপি তাত অলপ লেঠা আছে। পাচ নকৰাকৈ আৰু চিভিল চাৰ্জ্জনৰ অনুমতি নোলোৱাকৈ নিজে ব্যৱস্থা বা ঔষধ তৈয়াৰ কৰি দিয়াটো অপৰাধ। সেইটো প্ৰমাণ হ'লে মোৰ শাস্তি হ'ব পাৰে।

 শিৱ।তেন্তে কি কৰিব খোজা?

 মনো।। তাৰ উপায় বিচাৰ হে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যদি দয়া কৰে, সাৰিব পাৰোঁ।

 শিৱ। কি কৰিব লাগে কোৱাঁ।

 মনো। মই ক'ম যে মই পেটেন্ট ঔষধ হে বেচোঁ। মই নিজে কাকো চিকিৎসা নকৰোঁ, আৰু নিজৰ তৈয়াৰী কোনো ঔষধো নিদিওঁ। সেই কথাকে যদি গাৱঁৰ সকলোৱে