পৃষ্ঠা:পৰাচিত.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
[প্ৰথম অঙ্ক
পৰাচিত


 ভকত। মাজে মাজে তাৰ চিকিৎসাতে দুই এটা ভাল হোৱাও দেখিছোঁ নহয়।

 লোক। একেবাৰেই চিকিৎসা নকৰাকৈ জানো দুই-এটা ভাল নহয়? মুঠতে আয়ুসত জোৰ থকা দুই এটাক সি মাৰিব নোৱাৰে, ইমানেই।

  ( হাতত ষ্টেথ'স্কোপ লৈ মনোমোহনৰ প্ৰবেশ।)

 মনো। আজি কেনে আছে?

 মনো।কেনে থাকিব! ৰাতি পৰ দিহে আছোঁ। গাত হুঁচ নাই। একোবাৰ কিবাকিবি বকে; উঠি যাব খোজে।

 মনো। ঔষধ নিয়মমতে খুৱাইছিলা নহয়?

 ভকত। খুৱাইছিলোঁ। পিচে বেমাৰ কমক ছাৰি বেচিহে আপোনাৰ পাকৰ নহয় যেন হে পাওঁ।

 মনো। বাৰু, মই চাওঁ।

 ( প্ৰথমেই থাৰ্ম্মোমিটাৰ দি চায়। তাৰ পাচত ষ্টেথ'স্কোপেৰে বুকু পৰীক্ষা কৰে। )

 সৰুকণ। মই যামেই, মোক এৰি দে।

 মনো। প্ৰলাপ বকিছে। টেম্পাৰেচাৰ ১০৪°! নিশ্চয় টাইফয়েড-সন্নিপাত জ্বৰ।

 লোক। আপুনি বুকুখন ভালকৈ চাওক। মোৰ সন্দেহ হৈছে। কাহ আছে, বুকুখন ছুবলৈকে নিদিয়ে। হাঁওফাঁওৰ কিবা দোষ থকা যেন লাগে।