হালোৱা এটাও পাবলৈ নোহোৱা হৈছে, মৈমনচিঙীয়া কেইটা
নোহোৱা হ'লে খেতিয়েই গ'লহেতেন। এতিয়া আকৌ গাৱঁতে
ইস্কুল হ’ব লাগিলে গৰখীয়া লৰা এটাও পাবলৈ নোহোৱা হ’ব।
তেতিয়া গৰু-গাই ৰাখিব নোৱাৰিলে খেতি-পথাৰ কৰিব
কিহেৰে? আকৌ আটাইবোৰ হালোৱা-চহা পঢ়ি-শুনি বাবু
হৈ গ'লে খেতি কৰিব কোনে? তেওঁৰ কথা শুনি ৰাইজেও
ততালিকে আগৰ মত সলাই পেলালে। লোকনাথে আপত্তি
কৰিলত বৰুৱাই তেওঁকো অপমান কৰিলে। তথাপি ৰাইজে
নামাতিলে। মুঠতে লোকনাথ বিদ্বান হ'ব পাৰে, কিন্তু মানুহ
হৈছে ধনৰ বশ।
বিহু। তেওঁনো বাৰু ইমান ধন ঘটিছে কেনেকৈ? গাওঁখনতে আক দহ টকা, তাক কুৰি টকা, কাৰবাক আকৌ এশ-ছকুৰি ধাৰে দিছে;— হাজাৰ বাৰ শৰ কম হ'ব নালাগে। সিফালে মৈমনচিঙীয়াকো দহ-বাৰ হাজাৰমান ধাৰে দিছে বুলি শুনিছোঁ। ইমান টকা তেওঁ পালে ক’ত!
ভেকো। কোনোৱে কয় বোলে তেওঁ চোৰাং কানিৰ কাৰবাৰ কৰে। কোনোৱে আকৌ কয় বোলে চোৰাই মাল ৰাখে।
বিহু। হ'ব পাৰে। আজি-কালি তেওঁৰ ঘাইকৈ মৈমনচিঙীয়াৰ লগত হে কাৰবাৰ। তেওঁৰ ঘৰত দিনে- ৰাতিয়ে এটা নহয় এটা মৈমনচিঙীয়া দেখিবাই।
ভেকো। বাপেকহঁতক চিনা নাই। কেতিয়াবা ঠিক কৰি দিব।