পৃষ্ঠা:পৰাচিত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[প্ৰথম অঙ্ক
পৰাচিত

 মোবা। তেনেহলে সিহঁতৰ বৰ ঘৰৰ ভিতৰত অজাতি সোমালে কাজিয়া নকৰি নিজেই ওলাই গ'লেহে পাৰিব।

 লোক। তেনেকুৱাই হৈছে। মই ক'লে সিহঁতে নুশুনে। তাতে মোৰ নিজৰ স্বাৰ্থ থকাত টানি ধৰিবলৈকো কোঁচ খাইছোঁ।

 মোবা। বেয়া নাপাবা। তোমালোকৰ ধৰ্ম্মটো যে কি, মই হ'লে বুজি নাপাওঁ। জাত যাব, পৰাচিত লাগিব বুলি নিজৰ ধন-সম্পত্তি এৰি যাবলৈ যি ধৰ্ম্মই শিকায়, তাক মই ধৰ্ম্ম নোবোলোঁ। তোমালোক যদি জীয়াই থাকিব খোজা, তোমালোকৰ ধৰ্ম্মত লাগি থকা এই গোবৰ-জাবৰবোৰ সাৰি পেলোৱাঁ। নহ'লে এই সুবিধা লৈয়েই বিদেশীয়ে সোপাকে হাত কৰিব আৰু তোমালোক কেনিবা উৰি যাবা।

 লোক। আপোনাৰ কথা অতি সাৰুৱা; ভাত বেয়া পাবলগীয়া কি আছে! এইবোৰ ভাব যাতে ডেকা তৰপৰ মনৰ পৰা আঁতৰ হয়, তাৰ বাবে মই চেষ্টা কৰিম বুলি স্থিৰ কৰিছোঁ।

 মোবা। কৰা উচিত। তোমালোকৰ দৰে শিক্ষিত মানুহে নকৰিলে আৰু কোনে কৰিব।

(আলিবাটলৈ লক্ষ্য কৰি)

 সৌটো কোন? অ’ শিৱ বৰুৱা। (ডাঙৰকৈ) হেৰি বৰুৱা! ভোঁ-ভোঁৱাই গৈছে দেখোন! আমাৰ ঘৰত পদ- ধূলি পেলালে জানো কিবা দায় লাগিব?