লোক। আপুনি জানে,— আপোনালোকৰ পামৰ ওচৰতে নৈৰ ইপাৰে আমাৰ গাৱঁৰ মানুহৰ পাম আছে। আমাৰো তাতে চাৰিপূৰামান মাটি আছে। আগেয়ে পিতায়ে খেতি কৰিছিল; ময়ো স্কুলত পঢ়াডোখৰত যি পাৰোঁ সহায় কৰিছিলোঁ। পিচে কলেজলৈ যোৱাৰে পৰা মই আঁতৰতে থাকিব লগা হলোঁ। ইফালে পিতায়ো নিশকতীয়া হৈ আহিল। কোনোমতে দুই-এবিঘাত খেতি কৰে; বাকীখিনি ছন পৰি থাকে। এই দৰে এই কেইবছৰৰ ভিতৰতে তাত হাবি হৈ উঠিল। আজি চাবলৈ বুলি আহি দেখোঁ তিনটা মৈমনচিঙীয়াই সেই মাটি ভাঙি হাল-কোৰ বাই উলিয়াইছে। মই সিহঁতক বুজাই কলোঁ বোলো সেইয়া মোৰ পট্টাৰ মাটি, সিহঁতে ভঙাটো ভুল হৈছে। সিহঁতে নুশুনে; কয় বোলে জংঘলী মাটি যেয়ে ভাঙে সেয়ে পাব বুলি মণ্ডলে কৈছে। মই সিহঁতক হাল-কোৰৰ খৰচখিনিও দিওঁ বুলিছিলোঁ, কিন্তু সিহঁতে নামানে। মুঠতে কোনো মতেই সিহঁতে এৰি নিদিয়ে।
মোবা। কিয়, তোমালোকৰ গাৱঁৰ মানুহবিলাক ক'লৈ গল?
লোক। আছে।
মোবা। কেলেহুৱাহঁতক ভালকৈ এজাউৰি দি উলিয়াই দিব নোৱাৰিলে?
লোক। সিহঁতে ভয় কৰে; কয় বোলে অজাতিৰ লগত কাজিয়া কৰি পা-পৰাচিত হৈ মৰিব নোৱাৰি।