পৃষ্ঠা:পৰাচিত.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[প্ৰথম অঙ্ক
পৰাচিত

 মোবা। শুনি বৰ সুখ পালোঁ। গাৱেঁ গাৱেঁ দুই চাৰিজন এনেকুৱা শিক্ষিত মানুহ হ'লেহে আমাৰ গাওঁবিলাকৰ উন্নতি হ’ব। পিচে আৰু নপঢ়া জানো?

 লোক। আৰু পঢ়া নহব’ই। কিবা এটা চাকৰিৰ চেষ্টাতহে আছোঁ। সেই বাবে শ্বিলঙলৈকো গৈছিলোঁ। মোৰ আন চাকৰিতকৈ মাষ্টৰি কৰিবৰ হে মন, পোৱাৰ আশাও হওঁতে আছে।

 মোবা। ল পঢ়া হলে ভাল আছিল।

 লোক। ভাল হলেও পঢ়োঁ কেনকৈ? আপুনি জানেই পিতাইৰ অৱস্থাৰ কথা। তেওঁ মোক সমূলি সাহায্য কৰিব পৰা নাছিল। অকল বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইমান দিন পঢ়িলোঁ। কলেজত পঢ়োতে বৃত্তিৰ টকাই নোজোৰাত লৰা পঢ়াই বাকীখিনিৰ জোৰা মাৰিব লগা হৈছিল। এতিয়া আই- পিতাই বুঢ়া হৈছে, আগৰ দৰে খেতি-পথাৰো চলাব নোৱাৰে। তেওঁলোকৰ দায়িত্বও ময়ে ল'ব লগাত পৰিছে। মই কিবা এটা কৰি ল পঢ়িব পাৰিলোঁ হেতেন, পিচে তেওঁলোেক চায় কোনে! সকলো ফালে ভাবি চাই হে চাকৰি কৰিব খুজিছোঁ।

 মোবা। এৰা, কথাটো ঠিকেই। বুঢ়া-বুঢ়ীক আৰু কষ্ট দিয়া উচিত নহয়। পিচে, অহাৰ কিবা সকাম আছিল জানো?

 লোক। হয়, মই এটা বিপদত পৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ।

 মোবা। কি বিপদ?