পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“দিহিঙে-দিপাঙে” বেণু বজাই মই দাৰ্জিলিং এৰাৰ আগ দিন। উক্ত পাহাৰলৈ উঠিবলৈ ঠিক কৰিলো। দাৰ্জ্জিলিঙৰ পৰা সেইডোখৰ বাট খোজ কাঢ়ি যাবলৈ হলে ৰাতি দুই বা আঢ়ৈমান বজাত ৰাওনা নহলে নহয়, আৰু সেইকাৰণে আমি ৰাতি তিমান সময়তে ৰাওনা কৰিলো। বাঘ “পাহাৰৰ” ওপৰলৈ উঠি গৈ যেতিয়া একেবাৰে মুধচ পালোগৈ তেতিয়া তাত এটা ধুনীয়া ঘৰ দেখিবলৈ পালে৷ আৰু তাৰ ওপৰত এখন ঘূৰণীয়া বুলনিঘৰো দেখা পালো—অৱশ্যে ৰাতিৰ জোনাকৰ মাজেদিয়েই। তেতিয়াহে আমাৰ বিশ্বাস হল – এয়েই টাইগাৰ হিলৰ “অবজাৰ” ভেটবি। বাঘ “পাহাৰ” বা 'টাইগাৰ হিলৰ’ ওপৰৰ পৰা যি মনোৰম দৃশ্য দেখিলো তাৰ বৰ্ণনা তেতিয়াই লেখা বিবৰণৰ পৰাহে ভালদৰে ফুটি ওলাব। সেইকাৰণে তাৰে পৰা তুলি দিলো। “নানা কথা বাৰ্ত্তাৰ মাজেদি আমি পূব গগনলৈ মুখ কৰি সূৰ্য্য উদয়ৰ প্ৰত্যেক মণলৈকে ৰৈ আছে! —মনত আছে, অদম্য হেপাহৰ মাজেদি নিশ্চয় অনিশ্চয়তাৰ সন্দেহজনক ভাব। এইদৰেই মনত উগুল-থুল ভাৱেই তাত প দি বহি আছো। এবাৰ হঠাতেই ওচৰত থকা ভূটীয়াবোৰে কিৰিলি মাৰি উকি দিয়া হেন শুনি চক্খাই উঠি আকাশৰ ফাললৈ চাই দেখো যে পূব গগনৰ পিনে পোহৰৰ পৰিবৰ্ত্তন হেন দেখা গৈছে। তাকে দেখি আমি আমাৰ চকু থিৰ কৰি সেইফালেই লক্ষ্য কৰি থাকিবলৈ ধৰিলো। লাছে লাহে কুকুৰাৰ ডাকে৷ কাণত পৰিল অংক হাবিৰ মাত্ৰ পৰা ফেঁচায়ে কুৰুলি মাৰি উঠিল;-- আমাৰ বুজিবলৈ বাকী নেথাকিল যে ৰাতি পুৱাবৰ হল। প্ৰত্যেক ক্ষণতে ভাবিবলৈ ধৰিলে!--এতিয়াই সূৰ্য্য দেৱতাই আমাক দেখা দি কৃতাৰ্থ কৰিবহি আমিও আমাৰে হেপাহৰ আগবগীয়াঁ দৃশ্যটি দেখি জীৱন সাৰ্থক কৰিব পাৰিম। বাহ, কিমান আনন্দ! সেই অৱস্থাৰ ভুক্তভোগীৰ বাহিৰে অইন কোনোৱেই সেই বিনন্দীয়া সুখৰ সপোনো দেখিৰ নোৱাৰে। চকু থৰ কৰি চাই থাকোতেই পূব আকাশৰ ফালে অলপ পোহৰৰ আভাষ দেখিবলৈ পালো। লাহে লাহে গোটেই পূব গগনেই ৰঙ্গচুৱা হৈ পৰিবলৈ ধৰিলে। আকাশে বৰণ সলোৱাৰ লগে লগে চাৰিওফালে সকলো বস্তুৱেই সজাগ হৈ উঠিবলৈ ধৰিলে। আলেঙে আলেঙে যি এচটা দুচটা ডাৱৰ ঘুৰি ফুৰিছিল সিবিলাকেও সজীৱ হৈ উঠি গাৰ বৰণ সলাবলৈ ধৰিলে। বাস্তৱ জগতত থকা গছ-গছনি পাহাৰ-ভৈয়ামেও অলপ নতুন অভিবণ পিন্ধা হেন