পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ সংগ্ৰহ যেন দুদিনৰ আগলৈকে এটা অসন্তোষৰ ভাৱেৰে আধৰি ধৰিছিল। মনতে ভাবিছিলোঁ, মোৰ ভ্ৰমন কাৰ্য্য অসম্পূৰ্ণ হৈ ৰ'ল। ক্ষোভ হৈছিল, যেন কিবা এটা কাম যোৰ কৰিবলৈ বাকী থাকিল। এই ভাৱ লৈয়েই মোৰ মন উণ্ডল-থুগুল অৱস্থাত থাকিব লগা হৈছিল আৰু মাজে মাজে বেজাৰৰ হুমুনীয়াও কাঢ়িব লগাত পৰিছিল। by বাঘ পাহাৰৰ ওপৰত এঘণ্টাঃ—এই সকলোবোৰ মানসিক অশান্তিৰ কাৰণ আছিল—পৃথিবীৰ ভিতৰতে চাবলগীয়া এটি আপুৰুগীয়৷ দৃষ্ট চাবৰ সুবিধা কৰিব নোৱাৰিয়েই। সেই চাবলগীয়! দৃশ্য হৈছে— দাৰ্জিলিঙৰ পৰ৷ প্ৰায় ৫ মাইল দূৰৈত থক৷ “টাইগাৰ হিল” বা বাঘ পাহাৰৰ ওপৰৰ পৰা দেখিবলৈ পোৱা সূৰ্য্যোদয়ৰ মনযে'হ৷ আভৰণ। মানুহে কয় যে পৃথিবীৰ নানা ঠাইৰ পৰা মানুহ আহি সেই ‘টাগাৰ হিল’ৰ পৰা দেখা সূৰ্য্যোদয়ৰ অতুলনীয় দৃশ্য চাই গৈ. পৃথিবীৰ ভিতৰত তেনে দৃশ্য অন্য ঠাইত দেখিবলৈ পোৱা বিৰল হেনো। এতিয়াও দিনে দিনে পৃথিবীৰ নানা ঠাইৰ মানুহে সেই পৰ্ব্বতৰ টিলালৈ গৈ তেনে দৃশ্য চাবলৈ ৰৈ থাকে। কেতিয়াবা চাবলৈ পাই আৰু কেতিয়া বা হতাশ হৈ ঘুৰি আহিব লগাত পৰে। এফালে যেনেদৰে দাৰ্জিঙিৰ বন্ধু-বান্ধৰ চিনাজন৷ মানুহ মাত্ৰেই সেই প্ৰাকৃতিক সৌন্দৰ্য্যৰ ৰূপ জেউতি বধ্যনি মোক উত্ৰাৱল কৰি তুলিছিল ঠিক তেনেদৰেই অন্যফালে তেওঁলোকেই দৃশ্য চাবলৈ পোৱ৷ নোপোৱা সন্দেহৰ থাউনি নোপোৱা পুখুৰীত পেলাই মোক কবকাই পানী খুৱাই নগুৰ-নাপ্তি কৰিছিল; কাৰণ বতৰ ফৰকাল নহলে সেই মনোৰম দৃশ্য দেখিবলৈ পোৱা নেযায় আৰু ইফালে পিচদিনা বতৰ ফৰকাল হয়নে নহয় তাৰে৷ উৱাদিহ পোৱা টান। সেইকাৰণে ভাগ্যৰ ওপৰতেই নিৰ্ভৰ কৰি থাপ মাৰি কামটো কৰাৰ বাহিৰে অন্ত একো দিহা নই। কতই অনেক দুঃখ কষ্ট কৰিও আগদিন! ৰাতিতে উঠি ৰাতিৰে ৰাড়িটো খোজ কাঢ়ি গৈ খাপ, দিও পিচদিন! ডাৱৰীয়া ৰঙৰ দেখি হতাশ হৈ আহিব লগাত পৰে; আৰু অনেকে হয়তো থাপ মাৰি এদিন গৈ নিজ ভাগ্যৰ বলত সকলো দৃষ্ট চাই উপভোগ কৰি আহেগৈ। এনেকৈ অনিশ্চয়তাৰ গভীৰ দ'ত পৰি থাকিব লাগে। মন যদিও অনিশ্চিত হৈ আশা নিৰাশাৰ মাজেদি লুটি-বাগৰ মাৰি ফুৰিছিলো তথাপি আকাঙ্ক্ষিত কামন৷ পুৰণ হয় নহয় তালৈ নেভাবি অন্ততঃ মনৰ হেপাহ পলুৱাধৰ কাৰণেই এদিন তাত এটা পাক মাৰি অহাৰ লালসা এৰা নাছিলো। নিৰাশাৰ মাজেদিয়েই আশাৰ