পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“দিহিঙে-দিপাঙে” দুয়ে।টাৰ নিমিত্তেই হওক, মোৰ মনৰ প্ৰৱল – (অৱশ্যে ই যে আন্তৰিক আৰু পৰিত্ৰ আছিল তাক নকলেও হব ) – ইচ্ছা পূৰ্ণ হোৱা যেন নিজে হলে অনুভৱ কৰিছে॥ ৮৫. মন্দিৰত অৰ্চনা অঞ্জলি প্ৰদান কৰি আৰু তাৰ পিচত মন্দিৰ প্ৰদক্ষিণ কাৰ্য্য সমাধা কৰি সাগৰৰ পাৰলৈ ফুৰিবলৈ গলোঁ। অন্তৰীপৰ অন্ত্য কোণত ভৰি দিয়েই আৰু এটি স্বৰ্গীয় দৃশ্য চকুত আহি পৰিলহি! ভাবিলোঁ, কামনাপূৰ্ণ কাৰিণী চিৰকুমাৰী কণ্যক৷ কুমাৰী দেবীয়েই প্ৰসন্ন হৈ আগ সন্ধ্যাত হেৰোৱা ক্ষন্তেকীয়া স্বৰ্গীয় দৃশ্যটি মোৰ অৰ্চ্চনা অঞ্জলিৰ ফল হিচাবেই আকৌ মোৰ আগত নিমি- যতে দেখুৱাই দিলেহি নে কি? অলপ পৰ ৰ' লাগি চাই দেখিলে যে সি নহয়। ইয়াৰ কৰ্ত্ৰী প্ৰকৃতি দেবীহে। তেওঁ কাৰো খাতিৰত তেনে কৰা নাই। পৰম পুৰুষ পৰমেশ্বৰ ভগৱানৰ বিধান মতে নিদ্দিষ্ট নিয়মৰ বান্ধোনত - পৰিহে তেনে জেউতি আৰু সৌন্দৰ্য্য বিকাশ কৰিছে। সেই প্ৰাকৃতিক স্বৰ্গীয় দৃশ্য আগদিন৷ গধূলি দেখ: দৃশ্যৰ সদৃশেই। প্ৰভেদ কেৱল উদ্ভৱ স্থানৰ বিপৰ্যায় কাৰ্য্যতহে। আগদিনা গধুলি চন্দ্ৰমাই ভূমুকিয়াইছিল, পূৰ আকাশত, আৰু সূৰ্য্য দেৱতাই লুকাইছিলগৈ পশ্চিম আকাশত; আজি ঠিক তাৰ বিপৰীতটো। আজি জ্যোতিৰ্ম্ময় সূৰ্য্যদেৱতাই নং-জেউতি লগত লৈ নতুন উপাহেৰে পূৱ আকাশত থিয় দিছেড়ি আক ইফালে লোকৰ জেউতিৰ ওপৰত দূৰৈৰে পৰা নিজৰ ৰূপ চৰোৱা আৰু ওচৰ পালেই লাজতে জুঁই পৰি আঁতৰ হৈ যোৱা চন্দ্ৰম৷ আইদেৱে পশ্চিম আকাশত পলাবলৈ বাট বিচাৰি থৰ-যুগুতি হেৰুৱাই ফুৰিছেগৈ। তথাপি এওঁলোক দুয়োৰে লুকা ভূকাত সংলগ্ন হোৱ! দুটি জ্যোতি- কণাই ঠিক আগদিনাৰ গধুলিৰ দৰে ঢৌৰ ওপৰত কিৰণৱ ধুলি পেলাই চিক্‌মিকাই তুলিবলৈ এৰ৷ নাই। কিন্তু এই দুই অৱস্থাৰ মাজত এয়েই প্ৰভেদ যে কালি তেওঁলোকৰ মিলনৰ ঢৌৱে উলাহত নাচি বাগি আনন্দত মতলীয়া হৈ উঠিছিল; কিন্তু আজি সেই বিপৰীত ধৰণৰ অথচ একে মিলনৰে ঢৌৰ নতুন কৃষ্ণপক্ষৰ আগমনৰ আভাস পাই আগব উলাহ-আনন্দ পাত্তলি যোৱা হেন দেখা গৈছে। ময়ো সেইক্ষণৰ অমিয় উপভোগ হেৰুৱাই ক্ষন্তেকীয় লুথৰ অমিয়া সুধা পান কৰিয়েই বাস- স্থানলৈ ৰাওনা হলে॥ ৰৈ গল মনত সন্দেহৰ ভাৱ; ভাবিলে৷ ইয়ে৷ দিঠকনে সপোন? (গ) দাৰ্জিলিং ভ্ৰমণৰ এচোৱা মোৰ দাৰ্জিলিং ভ্ৰমণৰ এপষৰ ভিতৰত যদিও মই “চিকিম ৰাজ্যত এভু- মুকি” মনত অত্যন্ত সন্তোষ পাইছিলে। তথাপি মোৰ অন্তৰ ঘুৰি অহাৰ