পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ বৰ্ত্তমান লেখা প্ৰণালী আৰু অখৰ যোটনিৰ সম্পৰ্কে ৭১ ণ বা 'হ্ৰস্ব-ইকাৰ দিয়া হয়, তেন্তে কেতিয়াবা কোনো পণ্ডিতৰ পিয়াহ লাগি “পাণি” খুজিলে তেওঁক কোনোৱে হাত খাবলৈ দিয়ে বুলি ভয়ৰ স্থূল থাকিব পাৰে। মূল ৰক্ষা কৰা বুলি বা অৰ্থৰ বেমেজালি হয় বুলি একে উচ্চাৰণৰ আথৰ কেবাবিধো কথা বাস্তবিকতে কোনো যুক্তিৰে তাৰ আৱশুকতা বুজিব নোৱাৰি। কেৱল বৰ্ণমালা জটিল কৰি সংস্কৃতজ্ঞ পণ্ডিত সকলৰ ভিতৰত ভাষা লিখি লৈ আৰু শিকিবলৈ ৰাখি অসমীয়া ভাষাৰ উন্নতিৰ বাট ঠেক কৰিছে মাত্ৰ। কিন্তু ওপৰত কোৱা অকল যুক্তিৰ বল দেখুৱায়ে মই আমাৰ বৰ্ণমালাৰ সংখ্যা কমাবলৈ প্ৰস্তাব কৰিব খোজা নাই। আমাৰ ভাষাৰ মূল বৰ্ণমালা বাস্তবিকতে সংস্কৃতৰ বৰ্ণমালাই যে নহয় ভাক আমাৰ ভাষাৰ বুৰঞ্জীমূলক ক্ৰমিক বিকাশ পোৱা জীৱনীয়েও কৰব। আমাৰ ভাষাৰ বুৰঞ্জীয়ে কয় যে অসমীয়া ভাষাৰ আদি কালৰ পৰা ঊনবিংশ শতাব্দীৰ মধ্য সময় ডোখৰলৈকে আমাৰ ভাষাৰ বৰ্ণমালা সংস্কৃতৰ বৰ্ণমালাৰ অনুযায়ী নাছিল। ঊনবিংশ শতাব্দীৰ মধ্য- লৈকে অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া ভাষাৰ বৰ্ণমালা আৰু লিখা প্ৰণালী যেনে আছিল, আজি সি তেনে নাই। আৰু এই ছোৱাৰ পাছৰ ছোৱাহে অৰ্থাৎ আজি প্ৰায় চাৰিকুৰি বছৰৰ ভিতৰতহে আমাৰ ভাষাৰ বৰ্ণমাল সংস্কৃতৰ তলতীয়া কৰি ললোঁহক বুলি মই ৰব খোজোঁ। ভেস্তেনে৷ আমাৰ ভাষাৰ আদি গুৰি কি? আমাৰ ভাষা সংস্কৃত মূলক হলেও, আমাৰ ভাষাৰ আদি-গুৰি, জন্ম দাতা সংস্কৃত নহয়। আমাৰ ভাষাৰ আদি-গুৰি জন্মদাতা মাতৃ হৈছে আৰ্যাসকলৰ ভাষা। ভাৰতীয় ভাষাৰ মুলতত্ত্ব যেয়ে অলপ আলোচনা কৰি চাইছে দেখে জানে যে আৰ্যসকলৰ কোৱা ভাষ! আছিল “প্ৰাকৃত” ভাষা। প্ৰাকৃত ভাষা সংস্কৃততকৈ বহুত ৰ আৰু বহুত সৰল। সংস্কৃতত তেওঁলোকে বেদৰ স্তোত্ৰ ব! যজ্ঞৰ মন্ত্ৰ পাঠ কৰিছিল হয়, কিন্তু যেতিয়া আৰ্য্যাবৰ্তত তেওঁলোকৰ থাকিবলৈ ঠাই অনাটন ঘটিছিল, চাৰি কি ৫শ হাজাৰ বছৰৰ আগতে তেতিয়া তেওঁলোকে তেওঁলোকৰ কথা কোৱা ভাষা প্ৰাকৃত ভাষাকে লৈ ভাৰতৰ নানা ঠাইত বসতি কৰিবলৈ ধৰিলে, আৰু সেই কোৱ৷ ভাষা, প্ৰাকৃত ভাষাই কাল- ক্ৰমত তেওঁলোকৰ বসতি কৰা ঠাইৰ মানুহৰ সংমিশ্ৰণত পাছলৈ ভাৰতীয় নানা ভাষাত উদ্ভৱ হল। কামৰূপলৈ যি দল আৰ্য্য আহি ইয়াত বসতি কৰি- ছিলহি, সেইদলে ইয়াৰ মানুহৰ লগত আহ-যাহ আদান-প্ৰদান কৰোতে তেওঁ লোকৰ প্ৰাকৃত ভাষা কিছু পৰিমাণে অপভ্ৰংশহৈ যিটো ভাষা শেষত পৰিণত হল, সেইভাষাই কালত অসমীয়া ভাষা হলগৈ। গতিকে সংস্কৃতত যি আমি আজি