পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ বৰ্ত্তমান লেখা প্ৰণালী আৰু আখৰ যোটনিৰ সম্পৰ্কে আজি ৩০৪০ বছৰৰ ভিতৰত অসমীয়া ভাষাৰ বহুত উন্নতি হৈছে বুলি ধৰিব লাগে। স্কুলীয়া বহুত পাঠ্য-কিতাপৰ বাহিৰেও নাটক, নভেল, উপাখ্যান, . গল্পৰ কিতাপ, আলোচনী আক বাতৰি কাকত আদি আমাৰ ভাষাত লেখিছে জকি পঢ়োত:-লেখে।তাৰো সংখ্যা বহুত বাঢ়িছে বুলি ধৰিব পাৰি। কলিকতা ইউনিৰ্ভাচিটিৰ ওপৰ মহলাতো অসমীয়া ভাষ৷ উঠি আন আন ভাৰতীয় ভাষাৰ লগত জাকত জিলিকি উঠিছে আৰু বিজ্ঞান, বুৰঞ্জী আদিৰে৷ বেলেগ বিভাগত চৰ্চ্চা হৈ সকলে৷ ফালৰপা আমাৰ ভাষাৰ উন্নতিৰ বিক্ৰাশ হৈছে বুলি আমি আগ'ক নিজে নিজে ধন্য বুলি মানিব পৰা হৈছে৷হঁক যেন পাইছে৷। এনেকৈ চাৰিউফালে ঠাল ঠেঙুলি মেলি 'অসমীয়া ভাষাই গা ডাঙি উঠি ডাঙৰ গছৰ আৰ্হিত ভালে প'তে সুশোভন হৈছে, অ'ক নিলগৰ ধুমুহা-বতাহে সহজে ইয়াৰ গুৰি লৰাব পাৰিব বুলি বেগতে অনুমান কৰিব নোৱাৰি। কিন্তু নিলগৰ পৰ৷ পৰ্ব্বত্তৰ “খলা-বম।” মনিব নোৱাৰি যেনে সি “ম্য৷” আৰু মনযোহ! যেন দেখি আৰু ওচৰলৈ গলে তাৰ সেই ৰমণীয়তা নেদেখি, তেনেকৈ অসমীয়া ভাষাৰে৷ জানোচা এই ডালে-পাতে সুশোভিন কেৱল নিলগৰ পৰাহে দেখি! আৰু কাষ চাপি ভালকৈ চালে কিজানি ইয়াতো “খাল-বাম” উপচি থকা দেখো? এবাৰ ওৰ চাপি চোৱা ভাল যেন লাগি এই ৪০. ভিতৰত হোৱা উন্নতিৰ অলপ হিচাপ বলৈকে আজি আপোনালোকৰ ওচৰত মোৰ এই উপস্থিতিৰ কাৰণ। বছৰৰ এই কালটোৰ ভিতৰতে আমাৰ আধুনিক প্ৰণালীৰ লেখা বহুবিধৰ কিতাপ ব্যাকৰণ, আৰু অভিধান ওলাইছে। ভাল ভাল সাহিত্যিকৰ হাতৰপৰা ব্যাকৰণ কেবাখনে৷ আৰু অভিধানৰ ভিতৰত ('হেমকোষ” আৰু “চন্দ্ৰকান্ত অভিধান” ) ওলাল যদিও আমাৰ লেখাৰ আখৰ—যোটনিৰ এটা খাটাং সিদ্ধান্ত নহল। এতিয়াও বহুত শব্দৰ নানা ঋঋয়িৰ নান। যতৰ আথৰ যোটনিতে পৰি থাকি লেখাৰ বেমেজালি ঘটিবই লাগিছে। আৰু এই আখৰ যোটনিৰ বেমেজালি কেতিয়াকৈ এদনীয়া বাট লব তাকে। সহজে কোৱা টান হৈ পৰিছে। লেখা প্ৰণালী আজি ৩০৪০ বছৰৰ পূৰ্ব্বৰ আৰ্হি চাওক এতিয়াৰ আৰ্হি W