পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ জীয়ৰী পশ্চিমত্ত বহুলাভাষাৰ বাহিৰেও হিন্দী, মাহৰাট্টি, সিন্ধী আদি প্ৰাদেশীক বহুত ভাষা আছে। সেইবোৰত কিন্তু সংস্কৃতৰ ইমান প্ৰতিপত্তি নাই, ইয়াৰ কাৰণ কি? ইয়াৰ উত্তৰ ওলালেই বঙ্গভাষাৰ সম্বন্ধেও উত্তৰটে। ওলাই পৰিব! কি জাতি, কি ভাষা প্ৰগতিৰ পথত এই দুয়োটাই ৰক্ষণশীল নীতিৰ লোচত ধৰি খোজ কাঢ়ে। যাৰ বুনিয়াদ যিমান শকত, গতি সি সিমান ধীৰ, পাত- নৰ গতি বেগী। হিন্দী, মাহৰাট্টি আদিৰ গুৰি গধূৰ; পূৰণি সাহিত্য সম্বৃ দ্বি- শালী গতিকে ৰক্ষণশীল। ফলত সংস্কৃত শব্দ, অলঙ্কাৰ আদিৰ তাত স্থান নহল; বিভক্তি, ক্ৰিয়৷ আদিৰে৷ ৰূপান্তৰ নঘটিল। এইবোৰ ভাষাত ‘ৰিনেইচেঞ্চ” বা পুনৰ সংস্থান যুগ নাহিল, অসমীয়া ভাষাতো অহ নাই। কাৰণ এইবোৰ বুনিয়াদি ভাষা। বঙ্গভাষাৰ কথা বেলেগ। বঙ্গভাষাই যি পৰ্যন্ত কামৰূপী ভাষাকে মাতৃজ্ঞান কৰি আছিল, সেই পৰ্যন্ত একো আহুকাল হোৱা নাছিল। কিন্তু যোগলসাম্ৰাজ্যৰ লগত আহোম ৰাজ্যৰ সংঘৰ্ষ প্ৰৱল হৈ উঠাৰ ফলত বঙ্গদেশ আৰু অসমৰ মাজত আদান-প্ৰদান ৰহিতহৈ পৰিল, আৰু বঙ্গভাযাই মাতৃ কামৰূপী ভাষাক বিচাৰি নোপোৱ৷ হল। এইৰূপে বুনিয়াদ হীনহৈ বঙ্গ- ভাষাই “ৰিনেইচেঞ্চ”" বা পুনৰ সংস্থান যুগ আহিবলৈ বাধ্য হ'ল। আৰু তাৰ ফলত নব্য বঙ্গলভিষাৰ উৎপত্তি হল। কামৰূপী ভাষাৰ লগত একেলালিয়ে বঙ্গভাষাৰ যোগ থকা হলে এই বিনেইচেঞ্চ যুগ নাহে আৰু বেলেগ ভাষা এট। গঢ়ি তুলিবৰ আৱশ্যকো নহয়। ষোড়শ শতিকালৈকে কামৰূপ বৰ্ত্তমান বঙ্গ আক অসমদেশৰ পাণ্ডিত্যৰ প্ৰধান কেন্দ্ৰস্থান আছিল বুলি আমি আগত উনুকিয়াই আহিছোঁ। প্ৰসিদ্ধ ব্যাকৰণজ্ঞ পণ্ডিত মহা-হোপাধ্যায় পূৰুষোত্তম বিদ্যাবাগীশ, যাক কৰিবৰ ৰবীন্দ্ৰ ঠাকুৰৰ পূৰ্ব্বপুৰুষ বুলি দাবি কৰে, আৰু স্মৃতিকাৰ মহামহোপাধ্যায় পীতাম্বৰ বিদ্যাবাগীশ যাৰ বিদুষী ৰমণীৰ ওচৰত তৰ্কত বঙ্গৰ বিখ্যাত দিগ্বিজয়ী পণ্ডিত ৰঘু- নন্দনো হাৰ মানিব লগাত পৰিছিল, আমি তেখেত সকলৰ কথাকে নকওঁ; কামৰূপীয় কবি কবিন্দ্ৰ পাত্ৰৰ পৰ৷ সুদূৰ চট্টাগ্ৰামৰ শাসনকৰ্ত্তাই মহাভাৰত আৰু কবি মাধৱ কন্দলিৰ পৰা ত্ৰিপুৰাৰ ৰজাই ৰামায়ণ লিখাই নি সেই সেই দেশৰ জনসাধাৰণৰ মাজত দেশী ভাষাৰ আদৰ বঢ়াইছিল। মাধৱ কন্দলিয়ে লিখি গৈছে। পদবন্ধে নিবন্ধিলোঁ। লঙা পৰিহৰি সাৰোদ্ধৃত! সাতকাও ৰামায়ণ 56