পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ জীয়ৰী কোনো লোকৰ লিখ। নহয় তাক প্ৰমাণ কৰা একো টান নহয়। বঙালী আৰু অসমীয়া লোকৰ যে প্ৰকৃতি বেলেগ তাক নকলেও হব। আমি কবি কৃত্তি ৰাসক বঙালী বুলি তলৰ পদ কেইফাঁকিৰ পৰাই চিনি পালোহেঁতেন। “সৰস্বতী অধিষ্ঠান আমাৰ শৰীৰে। ta নান৷ ছন্দে নানা ভাষা আপনাহৈতে স্ফৰে॥ পঞ্চদেব অধিষ্ঠান আমাৰ শৰীৰে। সৰস্বতী প্ৰসাদে শ্লোক আপনাহৈতে স্ফৰে॥ যত যত মহাপণ্ডিত আছয় সংসাৰে। আমাৰ কবিত৷ কেহ নিন্দিতে নাপাৰে॥” “প্ৰসাদ পাইয়া বৰি লইলাম সত্বৰে। অপূৰ্ধ্ব জ্ঞানে ধায় লোক আমা দেখিবাৰে॥” এই অপূৰ্ধ্ব ৫'লী মহাকবিৰ লগত 'আমাৰ সম সাময়িক অসমীয়া কবি সকলৰ কবিত৷ ৰিজাই চালেই পাব যে তেওঁলোকে সদায় “মূৰ্খ” “অজ্ঞানী” “মুঢ়মতি” আদি বিনয় ব্যঞ্জক বিশেষণেৰে নিজক ভূষিত কৰি গৈছে। কাশীদাস কবি কাশীদাসৰ ‘বৰ্দ্ধমান জিলাত জন্ম হয়। তেওঁ বিৰাট পৰ্ব্ব ১৬০৪ খৃঃ ( ১৫২৬ শুঁকত ) শেষ কৰে। যথা “চন্দ্ৰ বাণ পক্ষ ঋতু শক সুনিশ্চয়। বিৰাট হইল সাঙ্গ কাশীদাসে কয়।" উক্ত কাশীদাসে মুঠে তিনি পৰ্ব্ব মহাভাৰত লিখি যায়। যথা “ধন্য হৈল কায়স্থ কুলেতে কাশীদাস। তিনি পৰ্ব্ব ভাৰত যে কৰিল প্ৰকাশ ই “আদি, সভা, বন, বিৰাটেৰ কত দূৰ। ইহ। লিথি কাশী-দাগ গৈলা স্বৰ্গপুৰ॥ কিন্তু আমি বৰ্তমান বজাৰত ওঠৰ পৰ্ব্ব কাশীদাসী মহাভাৰত দেখিবলৈ পাওঁ। ইয়াৰ অৰ্থ কি? অৰ্থ ওলাই আছে। পাছত বহুত কবিয়ে নব্য ভাষাত বাকীবোৰ পৰ্ব্ব লিখি, কাশীদাসৰ লগত যোগ দি, তেওঁৰ নামেৰে চলাই দিছে। সি যি নহওক কাশীদাসী মহাভাৰত যে বঙ্গভাষাত লিখা ই নিশ্চিত। ইয়াৰ প্ৰায় এশ বছৰ আগে লিখা কবীন্দ্ৰ পৰমেশ্বৰ পাত্ৰৰ মহাভাৰতৰ ভাষাৰ