পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাষাৰ জীয়ৰী কবি এজনে ৰচনা কৰিছিল। বঙ্গৰ নবাবৰ সেনাপতি পৰাগলখাঁৰ আদেশত ৰচিত হোৱাত, ই ‘পৰাগলী মহাভাৰত' নাম পায়। কবি পৰমেশ্বৰ পাত্ৰ প্ৰাচীন কামৰূপীয় লোক। এই মহাভাৰতৰ ভাষাৰ নমুন৷ তলত দিয়া গল। “নৃপতি হুসেন সাহ গৌড়ৰ ঈশ্বৰ। তাৰ হক্ সেনাপতি হওন্ত লস্কৰ॥ লম্বৰ পৰাগল খাঁন মহামতি। সুবৰ্ণ বসন পাইল অশ্ব বায়ুগতি॥ পুত্ৰ পৌত্ৰে ৰাজ্য কৰে খান মহামতি। পুৰাণ শুনস্ত নিতি হৰৰ্ষিত মতি॥" “দেখহ সাত্যকি মুঞি চক্ৰ লইনু হাতে। ভীষ্ম দ্ৰোণ কাটিয়া মাৰিমু ৰথ হৈতে॥ ধৃতৰাষ্ট পুত্ৰ সব কৰিমু সংহাৰ। যুধিষ্ঠিৰ নৃপতিক দিমু ৰাজ্যভাৰ॥” এই গ্ৰন্থৰ ভাষাৰ ওপৰতো কিছু হাত চলোৱা বুলি বহুতৰ যত। ইয়াৰ পাছত শ্ৰীকৰ নন্দীৰ “অশ্বমেধ পৰ্ব্ব”, তেওঁ বৰ্ত্তমান খাচ বঙ্গদেশৰ লোক। তেওঁৰ ভাষাৰ নমুনা চাওক:– “শুনস্ত ভাৰত সবে অতি পূণ্য কথা। মহামুনি জৈযিনি কহিলা সংহিতা॥ দেশী ভাষায় এই কথা ৰচিলু পদ্মাব। সঞ্চাৰোক কীৰ্ত্তি মোৰ জগত সংসাৰ”॥ “তাহান আদেশ মাল্য মস্তকে ধবিয়া। শ্ৰীকৰ নন্দী কহিলেক পয়াৰ ৰচিয়া॥” আকৌ ইয়াৰ পাছৰ কিছুমান বঙ্গালী লিখকৰ গ্ৰন্থৰ পৰ৷ ভাষাৰ নমুনা তুলি দিয়া য’ক :-- “সোণাৰূপ৷ নোহে বাপা এ বেঙ্গ! পিণ্ডল। ঘষিয়া মাজিয়! বাপা কৰেছ উজ্জ্বল॥” 09 — মুকুন্দ দ্বাম “সে সব নৈবেদ্য যদি খাইবাৰ পাঙ। 'তবে মুই সুস্থ হৈ হাটিয়া বেৰাঙ॥” —চৈতন্যভাগবত।