পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ শেষলৈকে বৈ আহিছিল। কিন্তু সপ্তদশ শতিকাৰ প্ৰাৰম্ভৰ পৰাই এই সোঁত একেবাৰে লুপ্ত হল। এই ভূভাগ বৰ্তমানে দুই দেশত পৰিণত হৈছে বঙ্গ আৰু অসম পূৱখণ্ড অসম আৰু পশ্চিম দক্ষিণ খণ্ড বঙ্গ। পুৰণি একতাৰ সোঁত বি উমৈহতীয়া ভাষাৰ ভিতৰেদি বৈ আহিছিল অসমীয়া ভাষ! সেই পুৰণি ঠাচতে আছে। কিন্তু বঙ্গভাষাই পুৰণি ঠাচ এৰি দি সপ্তদশ শতিকাৰ পৰ৷ নতুন গঢ় লৈ ‘ট। ভাষাকে ফালি দুফাল কৰিলে আৰু পূৰ্ব্বৰ ঐক্যভাৱো শিথিল কৰিলে। কেনেকৈ বঙ্গভাষ৷ প্ৰাচীন কামৰূপী মাতৃভাষাৰ পৰা আঁতৰি গল, মাতৃ বোলাৰ পৰা নামি কেনেকৈ বহুদিন হোঁহকা পিছলা কৰি থাকি অৱশেষত সংস্কৃত বুঢ়ীমাকৰ কোলাত উঠি তেওঁকে নিজৰ মাক বুলি পৰিচয় দি আচল মাকক লিগিৰী বুলি লোকৰ আগত চিনাকি দি ফুৰিছে, তাৰ বিষয় আলোচনা কৰাই এই প্ৰৱন্ধৰ ঘাই উদ্দেশ্য। পুৰণি গ্ৰন্থবোৰ বৰ্ত্তমান ভৌগোলিক সীম৷ অনুসাৰে দুই ভাগত বিভক্ত হৈছে কেৱল ডাকৰ বচন উমৈহতীয়া হৈ আছে। ডাকৰ বচন অতি জনা- জাত গতিকে ইয়াৰ ভাষাৰ নমুনা ইয়াত নিয়া নহল। ইয়াৰ পাছত আমি বঙ্গদেশৰ ভাগত পৰ৷ গ্ৰন্থবোৰৰ বিষয় আলোচনা কৰিম। মাণিক চন্দ্ৰৰ গান আৰু গোপী চন্দ্ৰ বা গোবিন্দ চন্দ্ৰৰ গান যি বঙ্গভাষাৰ অন্তৰ্গত হৈছে তাৰ নমুনা— যথা :- “ৰাম নামৰ নৌকা খনি শ্ৰীগুৰু কাণ্ডাৰী। দুই বাহু প্ৰসাৰিয়া ডাকে আস পাৰ কৰি॥” গোপীচন্দ্ৰৰ গান— ‘এত মাণিক চন্দ্ৰ ৰাজা সক নলেৰ ৰো, একতন যকতন কৰি যে খাইছে তাৰ দুয়াৰত ঘোৰা, বিনে বান্দি নাহি পিন্দি পাটৰ পাছৰ!॥” মাণিক চন্দ্ৰৰ গান ইয়াৰ বৰ্ত্তমান ৰূপ কিছু পৰিবৰ্ত্তনৰ মাজেদি অহা। এজন বিশিষ্ট বগ্গালী ভাষাবিদৰ মতে “উহাৰ ভাব গুলি শুধু বজাই আছে ভাষা আমূল গৰিবৰ্ত্তন হইয়াছে।” তত্ৰাচ ইয়াক এতিয়াও পুৰণি কামৰূপী ভাষা বুলি ধৰিব পাৰি। ইয়াৰ পাছতে পৰে “পৰাগলী মহাভাৰত” এই মহাভাৰত খন বঙ্গদেশৰ ৰজা হুচেনচাহ নবাবৰ দিনত (১৪৯৪ – ১৫২৫ খ্ৰী: ) কবীন্দ্ৰ [পৰমেশ্বৰ পাত্ৰ নামে