পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলাবিদ্যা, কবিতা আৰু ধৰ্ম্ম মান লেখকৰ মতে “শিল্পৰ কাৰ্য্য আনকি পশু ৰাজ্যতো উদ্ভৱ হয় আৰু যৌন সম্পৰ্ক আক খেলা কৰিবৰ ইচ্ছাৰপৰা ইয়াৰ সৃষ্টি হয়।” * আন এজনৰ মতে “ই ব্যক্তিৰ বিকাশ।” : + আকৌ আন এজনৰ মতে “ই আদৰ্শৰ ব্যক্তিগত বিকাশ।”॥? বহল ভাৱে আলোচনা কৰি চালে দেখা যায় যে, শিল্পৰ সাধাৰণতে দুটা ব্যাখ্যা পোৱা যায়। এটাৰ মতে ইয়াৰ উদ্দেশ্য সভ্য অক সুন্দৰৰ সৃষ্টি আৰু আনটোৰ মতে অকল সৌন্দৰ্যৰ সৃষ্টি। যুগে যুগে এই দুই আদৰ্শৰ মাজত যথেষ্ট সংঘৰ্ষ উপস্থিত হয়; সেই বাবে কেতিয়াবা আগৰটো আকৌ কেতিয়াবা পিছৰটো আদৰ্শৰ সমাদৰ বাঢ়ি আহে। শিল্পই সত্য আৰু সুন্দৰৰ সৃষ্টি কৰিবলৈ যাওঁতে ধৰ্ম্মৰ লগত থকা ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আমাৰ চকুত পৰে। শিল্পীৰ মনত সাধাৰণতে প্ৰশ্ন উঠে সত্য কি আৰু সুন্দৰ কি? এই দুই প্ৰশ্নৰ উত্তৰ বিচাৰি যাওঁতে শিল্পীয়ে ধৰ্ম্মৰ সহায় নললে উপায় নাই। প্ৰত্যেক জাতিৰেই সত্য আৰু সুন্দৰৰ আদৰ্শ আছে আৰু সেই জাতিয়ে এই আদৰ্শবোৰ পায় সেই সময়ত সেই দেশত চলিত ধৰ্ম্মৰপথা। ধৰ্ম্মৰ বিপক্ষবাদী লোক যথেষ্ট থাকিলেও এইটো সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য যে মানুহক পোন প্ৰথমতে ভাল বেয়া, সং-অসৎ এই কথাবোৰৰ মূল শিক্ষ) দিয়ে ধৰ্ম্ম ই—নীতি শাস্ত্ৰই নহয়; কিয়নো নীতি শাস্ত্ৰৰ শিকনিবোৰ অতি আদৰ্শমূলক; সেইবাবে সৰু সৰু লৰা ছোৱালীয়ে কোমল বয়সত এনে ধৰণৰ আদৰ্শমূলক শিক্ষ। হৃদয়ঙ্গম কৰিব নোৱাৰে। ধৰ্ম্মৰ আন এটি নাম ঈশ্বৰত বিশ্বাস। বৌদ্ধ আৰু জৈন ধৰ্ম্ম বাদ দিলে পৃথিবীত ঈশ্বৰ বিহীন ধৰ্ম্ম নাই বুলিও কব পাৰি। সেই বাবে ধৰ্ম্ম ৰাজ্যত সদায় ঈশ্বৰ তত্ত্বকে বিষয় স্তু হিচাবে লৈ তেওঁৰ অপাৰ আৰু অসীন গুণ গৰিমাৰ কীৰ্ত্তন কৰি সাহিত্যৰ বেলেগ বেলেগ ঠালৰ সৃষ্টি হৈছে! মানুহে অঞ্চল সাহিত্যৰেই ভগবানৰ গুণ গৰিমাৰ কীৰ্ত্তন কৰি সুখ শান্তি পোৱা নাই আৰু সেই বাবে সাহিত্যৰ লগে লগে নান৷ তৰহৰ চিত্ৰবিদ্যা আৰু ভাস্কৰ্য্যেৰে তেওঁক বুজাবলৈ চেষ্টা কৰিছে। ভাৰতত হিন্দু আৰু বৌদ্ধ যুগৰ ভাস্কৰ্য্য আৰু ইটালীৰ ৰাফেল ( Raphael) আৰু তেওঁৰ দলৰ শিল্পী- সকলৰ চিত্ৰ বিদ্যাই প্ৰমাণ কৰি দিয়ে যে এইসকলে কোনো মানৱৰ বাহ্যিক সৌন্দৰ্য্য অঙ্কন কৰাতকৈ তাৰ আত্মাৰ সৌন্দৰ্য্য বিকাশ কৰিবলৈকেহে বেছিকৈ চেষ্টা কৰিছিল। যি শিল্পীয়ে চিত্ৰত বাহ্যিক সৌন্দৰ্য্যৰ মাজত লুকাই থকা Schiller, Darwin, Herbert Spencer Robert Browning Ruskin