পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 প্ৰবন্ধ-সংগ্ৰহ সকলৰ মুখেৰে৷ গ্ৰীচৰ এপিকিউৰিয়াচ্ (Epicurius) আৰু ভাৰতৰ চাৰ্ব্বা- কৰ মতাবলম্বীসকলে এই তিনিওট! ভাৱকে একেটা পদাৰ্থতে আৰোপ কৰিবলৈ ইচ্ছা কৰা নাছিল যদিও এই দলৰ অনুগামীলোকৰ সংখ্য! কম হোৱা বাবে ওপৰৰ মতটো ওফোৰাই পেলাবলৈ তেওঁলোক সক্ষম হোৱা নাছিল। সেইবাবে বহুতো বছৰ বাপি গ্ৰাচ। আৰু পাশ্চাত্য জগতৰ নৰসমাজৰ ওপৰত এই মতটোৰে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আছিল। আনকি আজিও বহুতকে এইমত সমৰ্থন কৰা পোৱা যায়। সত্যৰ আৰাধনাই সুন্দৰৰ আৰাধনা, এই ভাৱটোৱে এপিনে যেনেকৈ ধৰ্ম্ম সম্বন্ধীয় নানান যুক্তি প্ৰচাৰত সহায় কৰিলে, আনপিনে ঠিক তেনেকৈয়ে সি শিল্পৰ উন্নতিৰ বহুমুখী পথ পৰিষ্কাৰ কৰি দিলে। ফলত ধৰ্ম্ম আৰু ঈশ্বৰ সম্বন্ধীয় নানান মত ওলোৱাৰ লগে লগে শিল্পৰে৷ দিনে দিনে ঠান ঠেঙ্গুলি বাঢ়ি আহি বিৰাট আকাৰ ধাৰণ কৰিলে আৰু এই ঠাল ঠেঙ্গুলিবিলাক নিজ নিজ পথত দোপক দোপে বাঢ়ি যাবলৈ ধৰিলে। শিল্প শব্দটো বৰ বহল শব্দ। মানুহে কথা কওঁতে নিজ নিজ ব্যক্তিত্বৰ হুঁ৷ ফুটাই তোলে, ই শিল্প; আমি ঘৰবাৰী সাজোঁতে তাক ধুনীয়া কৰিবলৈ যত্ন কৰে। ইও শিল্প; কবিত!, উপন্যাস নাটক, অভিনয়, গীত, চিত্ৰ বিদ্যা, ভাস্কৰ্য্য ইত্যাদি সকলোধোৰে৷ শিল্প। [“শিল্প মানৱীয় কাৰ্য্য। ইয়াত এজন মানুহে ইচ্ছা কৰি কিছুমান বাহ্যিক চিনৰ সহায়েৰে নিজৰ অনুভূতি অইনৰ অন্তৰত জগ!ই তোলে আৰু অইনেও ইয়াৰ অভিজ্ঞতা লাভ কৰে।” * শিল্পী: (artist) অইনৰ অন্তৰত জগাই তোলা অঙ্গুভূতিবোৰ নানা তৰহৰ হব পাৰে; কেতিয়াব| ই প্ৰবল, কেতিয়াব! দুৰ্বল; কেতিয়াব! দ আৰু গভীৰ, কেতিয়াবা ঠেক অংক তৰঙ!; কেতিয়াব। ভাল আৰু কেতিয়াব! বেয়া। এক কথাত মানৱ অন্তৰত বেই সেই আৰু যেনে তেনে ধৰণৰ অনুভূতি হুষ্টিৰ চেষ্টাই শিল্প। এই হিচাবে চালেও শিল্পৰ ক্ষেত্ৰ অতি বহল। কিন্তু সাধাৰণ ভাষাত এই শব্দটে। ইয়াতকৈ অলপ ঠেক ভাৱত ব্যবহৃত হয়। আমি সকলোৱে সাধাৰণতে শিল্প মানে সুকুমাৰ শিল্পবোৰহে ( fine arts ) বুজে।; তেতিয়া হলে ইয়াৰ অৰ্থ সাহিত্য, গীতবাদ্য, অভিনয়, চিত্ৰবিদ্যা, ভাস্কৰ্য্য আদিতেহে আৱদ্ধ থাকে। ওপৰত শিল্প শব্দটোৰ যেনে ভাৱে ব্যাখ্যা দিয়া গল সেই ব্যাখ্যাটো অইন বহুতে৷ চিন্তাশীল লোকৰ ব্যাখ্যা আৰু সুত্ৰৰ লগত নিমিলে। কিছু-

  • Tolstoy