পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলাবিদ্যা, কবিতা আৰু ধৰ্ম্ম হং সানি ধুনীয়া দেখাবলৈ চেষ্টা কৰোঁতেও শিল্পৰ অস্তিত্বৰ চিনাকি পোৱা যায়। মানুহে কথা কয় আক অইনৰ আগত এই কথ৷ কওঁতে নিজৰ আনন্দ নিৰানন্দ, ভয়ভক্তি, হিংসা কুটূত আদিৰ অসংখ্য অনুভূতিৰ ছঁ। প্ৰকাশিত হৈ পৰে। একেটা কথাকেই দুজন বা তিনিজন মানুহে কলে প্ৰত্যেকৰে কথাত আনটোৰপৰা কিছুমান বেলেগ বেলেগ ছাঁ স্পষ্টকৈ দেখিবলৈ পোৱা যায়। এই ব্যক্তিগত বিশেষত্বৰ পৰাই শিল্পীৰ সৃষ্টি। মানুহৰ আদিম অৱস্থাতে৷ শিল্পী আছিল ( অৱশ্যে অসংস্কৃত অৱস্থাত), আজিৰ কুৰিশতিকাৰ সভ্যতাৰ মাজতো শিল্পী আছে আৰু ভবিষ্যতলৈকেও শিল্পী থাকিব। মানুহৰ কথাকে নকওঁ, সাধাৰণ পশু-পক্ষী, কীটপতঙ্গ আৰু জন্তু অ'দিৰ মহুতে৷ শিল্পৰ প্ৰতি যথেষ্ট ৰাপ দেখিবলৈ পোৱা যায়। আনন্দত উত্ৰাৱল হৈ প্ৰিয়াৰ সন্তুষ্টিৰ কাৰণে ম’ৰা চৰাইৰ ঠেওধৰ৷ নাচন, মধুৰ সঙ্গীতত বিষধৰ সৰ্পৰ আকৰ্ষণ, সৰু সৰু কিছুমান চৰাইৰ বাঁহ সজাৰ কৌশস এই আটাইবোৰে প্ৰমাণ কৰে যে এই অম.ত প্ৰাণীবিন:ককো শিল্পই অজ্ঞতদাৰে আৰু আচৰিত ৰকনে আকৰ্ষণ কৰে। এনে স্থলত সভ্যতাৰ জখলাত ওপৰলৈ উঠি অহাৰ লগে লগে যানৱ সমাজত শিল্পৰ বহুল আলোচনা আৰু যুগে যুগে তাৰ উদ্দেশ্যৰ বেলেগ বেলেগ ৰূপৰ বিকাশ হোৱাটে৷ একৰকম স্বাভাবিক কথ!। উন্নতিয়েই হওক বা অৱনতিয়েই হওক আমি সময়ৰ পৰিবৰ্ত্তনৰূপ চকৰিত ঘূৰি ঘূৰি যাব ধৰিছোঁ, নাজানে। বলৈ গৈছে৷। কিন্তু গৈছে৷, তাত সন্দেহ নাই, দিন নাই ৰাতি নাই গৈছে।; সময়ৰ চকৰি ঘূৰাৰ লগে লগে আমাৰ মতৰে৷ দিনে দিনে পৰিবৰ্ত্তন হৈ যাব ধৰিছে; আৰ্য ভাবিছোঁ৷ গৈছে। ওপৰলৈ, সৰগ ঢুকি পাম কিন্তু সময়ৰ চক- ৰিয়ে শেহত গৈ সৰগৰ নন্দন কাননত উলিয়াই দিয়ে নে চিৰঅন্ধিাৰময় পাতালৰ দুৱাৰ মুখত উলিয়াই দিয়ে এতিয়াও সঠিককৈ কোৱা টান। তথাপি আমাৰ বিশ্ৰাম নাই, সময়ৰ চকৰিত ঘূৰিব লাগিছোঁ, নতুন নতুন দৃশ্য আমাৰ চকুৰ আগত পৰিছেহি আমাৰ মন আনন্দত নাচি উঠিছে, মনত অশ! কৰিছোঁ সুন্দৰৰ সন্ধান পাম, সত্য হাতৰ মুঠিত মিলিব। যি সত্য, সি সুন্দৰ আৰু যঙ্গগময়। এইমত পাশ্চাত্য জগতত পোন প্ৰথ- মতে গ্ৰীক দাৰ্শনিক সকলে * প্ৰচাৰ কৰিছিল আৰু প্ৰাচ্য জগততো সেই একেটা কথাই ‘সত্যং শিৱং সুন্দৰম্ ” প্ৰচাৰিত হৈছিল হিন্দু ঋষিমুনি- LF

  • Aristotle, Plato, Socrates.

84